ঢাকা (বাংলাদেশ), ২৬ আগষ্ট (হি.স.)। আজি ঢাকাত থকা আমেৰিকাৰ দূতাবাসে ফেচবুক পোষ্টযোগে ঘোষণা কৰে যে শ্বৰীফুল এম খানক ব্ৰিগেডিয়াৰ জেনেৰেল পদবীলৈ পদোন্নতি দিয়া হৈছে। আমেৰিকাৰ বায়ুসেনাত এই পদবী অৰ্জন কৰা প্ৰথমজন বাংলাদেশী-আমেৰিকান। পোষ্টটোত লিখা আছে, ব্ৰিগেডিয়াৰ জেনেৰেল শ্বৰীফুল এম খানক অভিনন্দন। তেওঁ আমেৰিকাৰ উৎকৃষ্টতাৰ উদাহৰণ আৰু বাংলাদেশী-আমেৰিকান সম্প্ৰদায়ৰ বাবে এজন ট্ৰেইলব্লেজাৰ।
দ্য ডেইলী ষ্টাৰ কাকতৰ মতে, ঢাকাত থকা আমেৰিকাৰ দূতাবাসেও লিখিছে, “আমেৰিকাৰ বায়ুসেনাত এই পদবী লাভ কৰা প্ৰথমজন বাংলাদেশী-আমেৰিকান হিচাপে ব্ৰিগেডিয়াৰ জেনেৰেল খানে মাতৃভূমিক সুৰক্ষা আৰু আমেৰিকাৰ নিৰাপত্তা আগুৱাই নিয়াৰ বাবে নিষ্ঠা আৰু সেৱাৰ মূল্যবোধক মূৰ্ত কৰি তুলিছে।” বৰ্তমান ব্ৰিগেডিয়াৰ জেনেৰেল খানে ভাৰ্জিনিয়াৰ আৰ্লিংটনৰ পেন্টাগনত গোল্ডেন ড’ম ফৰ আমেৰিকাৰ ষ্টাফ ডাইৰেক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ১৯৯৭ চনত আমেৰিকাৰ বায়ুসেনা একাডেমীৰ পৰা কমিচন লাভ কৰা ব্ৰিগেডিয়াৰ জেনেৰেল খানৰ ৰাষ্ট্ৰীয় গোপনীয়তা কাৰ্যালয়ৰ সৈতে মহাকাশ নিয়ন্ত্ৰণ, উৎক্ষেপণ আৰু উপগ্ৰহ অভিযানৰ কাৰ্য্যকৰী অভিজ্ঞতা আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
