শিমলা, ২৬ আগষ্ট (হি.স.)। হিমাচল প্ৰদেশত অব্যাহত আছে বাৰিষাৰ বিধ্বংসী ৰূপ। ধাৰাসাৰ বৰষুণৰ ফলত জনজীৱনৰ বিঘিনি ঘটিছে। আটাইতকৈ বেছি বিধ্বংসী ৰূপ ধাৰণ কৰা দেখা গৈছে পৰ্যটন চহৰ মানালীত, য’ত বহাং বজাৰত বেয়াছ নদীৰ উফন্দি উঠাৰ বাবে এখন ৰেষ্টুৰেণ্ট (শ্বেৰ-ই-পাঞ্জাব) আৰু তিনি-চাৰিখন দোকান উটুৱাই লৈ যায়। সকাহৰ কথা যে কোনো ধন জন হানি হোৱা নাছিল।
মনালীৰ ডি এছ পি ক্ষমা দত্ত শৰ্মাই কয় যে বিপদ অনুভৱ কৰি যোৱা নিশা নিজেই ৰেষ্টুৰেণ্ট আৰু দোকানসমূহ খালী কৰা হৈছে। ইয়াৰ পিছতো লাখ লাখ মূল্যৰ সা-সম্পত্তিৰ ক্ষতিসাধন হৈছে। মনালীত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে জীৱন ব্যাহত হোৱাৰ লগতে বহু ঠাইত পৰিস্থিতি বেয়া।
টিন ধনকাৰৰ সমীপত মানালী আৰু কুল্লুৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষতিসাধন হৈছে, যাৰ বাবে যান-বাহনৰ চলাচল ক্ষতিগ্ৰস্ত হৈছে। এই মুহূৰ্তত ৰাইছনৰ সমীপৰ বাওঁপাৰে মানালিলৈ যান-বাহন প্ৰেৰণ কৰা হৈছে। মনালীৰ বহু অঞ্চলত বিস্তৰ ক্ষতিসাধন হৈছে। ইফালে মানালছু নলাত বানপানীৰ ফলত মনালী চহৰৰ খোৱাপানীৰ যোগান বন্ধ হৈ পৰিছে। জলপৃষ্ঠ কমি গ’লেহে পুনৰুদ্ধাৰৰ কাম আৰম্ভ হ’ব বুলি প্রশাসনে জনাইছে৷ মনালী চহৰৰ খোৱাপানী গ্ৰাহকক পানী সযতনে ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে।
ইফালে, মন্দি জিলাতো দেখা গৈছে ধ্বংসলীলা। চণ্ডীগড়-মানালী ৰাষ্ট্ৰীয় ঘাইপথ বহু ঠাইত বন্ধ। পাণ্ডোহ আৰু আউটৰ মাজৰ বহু ঠাইত ধ্বংসাৱশেষ পৰি যোৱাৰ ফলত যাতায়ত সম্পূৰ্ণ স্তব্ধ হৈ পৰিছে। হানোগীৰ সমীপত ফ’ৰলেনৰ সুৰংগত শ শ লোকে আশ্ৰয় লৈছে। আৱদ্ধ হৈ থকা লোকসকলক মন্দিৰ সমিতি, প্ৰশাসন আৰু দানকাৰীয়ে খাদ্য-পানীৰ যোগান ধৰিছে। মাণ্ডীৰ বালিচৌকী অঞ্চলত আৰু দুটা ঘৰ ভাঙিছে। লাচ আৰু বাটা গাঁৱৰ প্ৰায় ৩৫টা ঘৰলৈ দুৰ্যোগ নামি অহাৰ বিপৰীতে বহু ঘৰত ফাট মেলিছে।
ৰাজ্যজুৰি ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ বাবে বিদ্যালয়সমূহো বন্ধ কৰিবলগীয়া হৈছে। আজি মঙলবাৰে ৯ খন জিলা শিমলা, কংগ্ৰা, চাম্বা, উনা, মাণ্ডী, কুল্লু, সোলান, বিলাসপুৰ আৰু হামিৰপুৰৰ সকলো শিক্ষানুষ্ঠান আৰু অংগনবাড়ী কেন্দ্ৰত বন্ধ ঘোষণা কৰা হৈছে। লাহাউল স্পিটি জিলাৰ লাহাউল আৰু উদয়পুৰ মহকুমাতো বিদ্যালয় বন্ধ কৰি দিয়া হৈছে।
কংগ্ৰা জিলাৰ পং বান্ধৰ জলপৃষ্ঠই বিপদৰ চিনতকৈ মাত্ৰ এফুট তললৈ নামিছে। যোৱা নিশা জলস্তৰ ১৩৮৮.৬৫ ফুট। মথাউৰিটোৰ বহিঃপ্ৰবাহৰ পৰিমাণ পৰ্যায়ক্ৰমে ৭৫ হাজাৰ কিউচেকলৈ বৃদ্ধি কৰা হৈছে। প্ৰশাসনে ৰাইজক নদী-নৈৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে।
ইফালে বতৰ বিজ্ঞান কেন্দ্ৰ শিমলাত আজিৰ বাবে চাম্বা আৰু কাংগৰা জিলাত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। কুল্লু আৰু মাণ্ডী জিলাত কমলা সতৰ্কতা জাৰি কৰাৰ বিপৰীতে উনা, বিলাসপুৰ আৰু হামিৰপুৰ জিলাত হালধীয়া সতৰ্কতা জাৰি কৰা হৈছে। বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, ৰাজ্যত ৩১ আগষ্টলৈকে বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে।
বৰষুণৰ ফলত ৰাজ্যত ব্যাপক ক্ষতিসাধন হৈছে। ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ তথ্য অনুসৰি শ শ পথ বন্ধ হৈ আছে। মাণ্ডীৰ ২৮৮টা, চাম্বাত ২১৪টা, কুল্লুৰ ১৩১টা আৰু ছিৰমৌৰত ৪১টা পথ যাতায়তৰ বাবে বন্ধ হৈ আছে। বিদ্যুৎ যোগান আৰু খোৱাপানীৰ আঁচনিতো বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। স্তব্ধ হৈ পৰিছে বৃহৎ সংখ্যক বিদ্যুৎ ট্ৰেন্সফৰ্মাৰ আৰু খোৱাপানীৰ আঁচনি।
এই বাৰিষাত এতিয়ালৈকে ৩০৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৭ জন লোক নিৰুদ্দেশ হোৱাৰ বিপৰীতে ৩৬০ জন লোক আহত হৈছে। ৩১৮৬টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে, ইয়াৰে ৬৯৩টা ঘৰ সম্পূৰ্ণৰূপে ভাঙি গৈছে। কেৱল মাণ্ডী জিলাতে ১৫০০ ঘৰ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ উপৰিও ৪৭০খন দোকান আৰু ২,৮১৯টা গৰু-ম’হৰ পশুশালাও ধ্বংস হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
