নতুন দিল্লী, ০৭ জুলাই (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সোমবাৰে আমেৰিকা বিৰোধী নীতিক সমৰ্থন কৰা ব্ৰিকছৰ দেশসমূহক কঠোৰ সতৰ্কবাণী প্ৰদান কৰে। ট্ৰাম্পে কয় যে ‘আমেৰিকা বিৰোধী’ নীতিৰ সৈতে জড়িত দেশসমূহে ১০ শতাংশ অতিৰিক্ত শুল্কৰ সন্মুখীন হ’ব লাগিব। ট্ৰাম্পৰ এই নতুন ঘোষণাই বিশ্ব বাণিজ্যত অধিক অনিশ্চয়তাৰ সংকেত দিছে, কিয়নো আমেৰিকাই ভাৰতকে ধৰি বহু বাণিজ্যিক অংশীদাৰ দেশৰ সৈতে শুল্ক সন্দৰ্ভত আলোচনা অব্যাহত ৰাখিছে, যাৰ ম্যাদ ৯ জুলাইত শেষ হ’ব।
ব্ৰিকছ দেশসমূহৰ বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰ (এফ এম চি বি জি)ৰ বৈঠকৰ যৌথ বিবৃতিৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এই স্থিতি চৰ্চালৈ আহিছে, য’ত শুল্ক বৃদ্ধি আৰু শুল্কবিহীন ব্যৱস্থাকে ধৰি বাণিজ্য আৰু বিত্ত সম্পৰ্কীয় একপক্ষীয় ব্যৱস্থা জাপি দিয়াৰ বিৰুদ্ধে মাত মাতিছে। ইয়াৰ পূৰ্বে ৯ এপ্ৰিলত ট্ৰাম্প প্ৰশাসনে ৩ মাহৰ বাবে শুল্ক ৰূপায়ণ বন্ধ কৰি দিছিল। এই সময়সীমা ৯ জুলাইত শেষ হ’ব।
শুল্ক সন্দৰ্ভত আমেৰিকা আৰু ভাৰতৰ মাজত চলি থকা আলোচনাত এই অচলাৱস্থা অব্যাহত আছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে শনিবাৰে প্ৰকাশ কৰা এক বিবৃতিত কৈছিল যে ভাৰতে সদায় কোনো ধৰণৰ সময়সীমাৰ হেঁচাত নহয়, শক্তিশালী স্থিতিৰ পৰা আলোচনা কৰে। বিশ্বৰ দেশসমূহৰ বিৰুদ্ধে আমেৰিকাই আৰোপ কৰা প্ৰতিশোধমূলক শুল্কৰ সময়সীমা অহা ৯ জুলাইত শেষ হ’ব।আনহাতে ব্ৰাজিলত চলি আছে ১৭ সংখ্যক ব্ৰিকছ শীৰ্ষ সন্মিলন।
ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকাৰ দৰে দেশসমূহ ব্ৰিক্স গ্ৰুপত অন্তৰ্ভুক্ত। ইয়াৰ বাহিৰেও বিগত কেইবছৰমানৰ পৰা আন বহু উন্নয়নশীল দেশ ব্ৰিকছত যোগদান কৰিছে, যিটো ১০ লৈ বৃদ্ধি পাইছে।ব্ৰিকছ গোটত বিশ্বৰ প্ৰায় আধা জনসংখ্যা আৰু বিশ্বৰ জিডিপিৰ প্ৰায় ৪০ শতাংশ অন্তৰ্ভুক্ত কৰা হৈছে। ব্ৰিকছ গোটৰ দেশসমূহৰ বিশ্ব বাণিজ্য আৰু বিনিয়োগৰ প্ৰবাহৰ প্ৰায় এক চতুৰ্থাংশ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
