নতুন দিল্লী, ২৬ আগষ্ট (হি.স.)। সৌৰ ফটো ভল্টিক মডিউল নিৰ্মাণ কোম্পানী বিক্ৰম সোলাৰৰ শ্বেয়াৰ আজি সামান্য বৃদ্ধিৰে শ্বেয়াৰ বজাৰত প্ৰৱেশ কৰে। আই পি অ’ৰ অধীনত কোম্পানীটোৰ শ্বেয়াৰ ৩৩২ টকাৰ মূল্যত জাৰি কৰা হৈছিল। আজি বি এছ ইত ইয়াৰ তালিকাভুক্তকৰণ ৩৪০ টকাৰ স্তৰত আৰু এন এছ ইত তালিকাভুক্তকৰণ ৩৩৮ টকাৰ স্তৰত হৈছিল। এনেদৰে কোম্পানীটোৰ আই পি অ’ বিনিয়োগকাৰীসকলে মাত্ৰ ২ শতাংশ তালিকাভুক্তিৰ লাভৰ সুবিধা লাভ কৰিব পাৰিছিল।
তালিকাভুক্ত হোৱাৰ পিছত বজাৰত ক্ৰয় আৰম্ভ হোৱাৰ বাবে কোম্পানীটোৰ ষ্টক দ্ৰুতগতিত আগবাঢ়িবলৈ আৰম্ভ কৰে। প্ৰথম এঘণ্টাৰ ব্যৱসায়ৰ অন্তত পুৱা ১০:১৫ বজাত বিক্ৰম সোলাৰৰ শ্বেয়াৰ ৩৫৩ টকাৰ স্তৰত ব্যৱসায় হৈছিল। এইদৰে কোম্পানীটোৰ আই পি অ’ বিনিয়োগকাৰীয়ে এই পৰ্যন্ত ব্যৱসায়ত ৬.৩৩ শতাংশ বৃদ্ধি পাইছে। বিক্ৰম সোলাৰৰ ২০৭৯.৩৭ কোটি টকাৰ আই পি অ’ ১৯ৰ পৰা ২১ আগষ্টৰ ভিতৰত চাবস্ক্ৰিপচনৰ বাবে মুকলি আছিল। এই আই পি অ’ই বিনিয়োগকাৰীৰ পৰা ভাল সঁহাৰি লাভ কৰিছিল, যাৰ বাবে ইয়াক সামগ্ৰিকভাৱে ৫৬.৪২ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। ইয়াত যোগ্য প্ৰতিষ্ঠানিক ক্ৰেতা (কিউআইবি)ৰ বাবে সংৰক্ষিত অংশ ১৪৫.১০ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। একেদৰে অপ্ৰতিষ্ঠানিক বিনিয়োগকাৰীৰ বাবে সংৰক্ষিত অংশই (এন আই আই) ৫২.৮৭ গুণ চাবস্ক্ৰিপচন লাভ কৰে। ইয়াৰ উপৰিও খুচুৰা বিনিয়োগকাৰীৰ বাবে সংৰক্ষিত অংশ ৭.৯৮ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। এই আই পি অ’ৰ অধীনত ১৫০০ কোটি টকাৰ নতুন শ্বেয়াৰ জাৰি কৰা হৈছে। ইয়াৰ উপৰিও অফাৰ ফৰ চেল উইণ্ডোৰ জৰিয়তে ১০ টকাৰ ফেচ ভেলু ১,৭৪,৫০,৮৮২ টা শ্বেয়াৰ বিক্ৰী হৈছে।
আই পি অ’ৰ জৰিয়তে নতুন শ্বেয়াৰ বিক্ৰীৰ পৰা সংগ্ৰহ কৰা ধন কোম্পানীটোৱে নিজৰ ফেজ-১ আৰু ফেজ-২ প্ৰকল্পৰ মূলধনী ব্যয়ৰ বাবে আৰু সাধাৰণ কৰ্পৰেট উদ্দেশ্যত ব্যৱহাৰ কৰিব। কোম্পানীটোৰ আৰ্থিক অৱস্থাৰ কথা ক’বলৈ গ’লে প্ৰস্পেক্টচত কৰা দাবী অনুসৰি ইয়াৰ আৰ্থিক দিশ অহৰহ শক্তিশালী হৈ আহিছে। ২০২২-২৩ বিত্তীয় বৰ্ষত কোম্পানীটোৰ নিকা লাভ ১৪.৪৯ কোটি টকা, যিটো পৰৱৰ্তী বিত্তীয় বৰ্ষ ২০২৩-২৪ত ৭৯.৭২ কোটি টকালৈ বৃদ্ধি পাই ২০২৪-২৫ চনত ১৩৯.৮৩ কোটি টকালৈ জঁপিয়াই পৰে। এই সময়ছোৱাত কোম্পানীটোৰ ৰাজহ বছৰি ২৮ শতাংশতকৈ অধিক চক্রবৃদ্ধিৰ হাৰত বৃদ্ধি পাই ৩৪৫৯.৫৩ কোটি টকা হৈছে ৷
ইফালে এই সময়ছোৱাত কোম্পানীটোৰ ঋণৰ উঠা-নমা হৈ থাকিল। ২০২২-২৩ বিত্তীয় বৰ্ষৰ শেষত কোম্পানীটোৰ ঋণ আছিল ৭৩৭.৭৯ কোটি টকা, যিটো ২০২৩-২৪ বিত্তীয় বৰ্ষৰ শেষত ৮০৮.৩৩ কোটি টকালৈ বৃদ্ধি পাইছিল। কিন্তু ২০২৪-২৫ বিত্তীয় বৰ্ষৰ শেষত কোম্পানীটোৰ ঋণ ২৩০.৬৭ কোটি টকালৈ হ্ৰাস পায়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
