কাঠমাণ্ডু, ২১ ডিছেম্বৰ (হি.স.)। ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধত নিহত নেপালৰ সাধাৰণ নাগৰিকৰ সংখ্যা ৭জনলৈ বৃদ্ধি পাইছে। ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত জড়িত চাৰিজন নেপালী নাগৰিককো ৰাছিয়াৰ সৈনিক হিচাপে পণবন্দী কৰি লৈছে ইউক্ৰেইনে। মৃত নেপালী নাগৰিকৰ মৃতদেহ নেপাললৈ অনা আৰু পণবন্দীসকলক মুকলি কৰি দিয়াৰ বাবে কূটনৈতিক উদ্যোগ লোৱাৰ বিষয়ে নেপালৰ বৈদেশিক মন্ত্ৰালয়ে অৱগত কৰিছে।
ৰাছিয়াই যুদ্ধত নিহত নেপালী নাগৰিকৰ আনুষ্ঠানিক তথ্য নেপালৰ বৈদেশিক মন্ত্ৰালয়ক দিছে। নেপালী বৈদেশিক মন্ত্ৰালয়ৰ তথ্য অনুসৰি ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত গোৰ্খা জিলাৰ বাসিন্দা সন্দীপ থাপলীয়া, কপিলবাস্তুৰ ৰূপক কাৰ্কী, কাস্কিৰ দিৱান ৰায়, স্যাংজাৰ প্ৰীতম কাৰ্কি, ডোলাখাৰ ৰাজকুমাৰ ৰকা আৰু ইলামৰ গংগাৰাজ মক্টনৰ মৃত্যু হৈছে। এজন নেপালী নাগৰিকৰ তথ্য এতিয়াও ৰাজহুৱা কৰা হোৱা নাই।
ইউক্ৰেইনত চাৰিজন নেপালী নাগৰিক যুদ্ধবন্দী হিচাপে বন্দী হৈ থকাৰ কথাও বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে অৱগত কৰিছে। ইয়াৰ ভিতৰত বৰদিয়াৰ বিবেক ক্ষত্ৰী, মন্দাণ্ডেউপুৰ পৌৰসভাৰ সিদ্ধাৰ্থ ঢাকাল, মৰঙৰ বিকাশ ৰায় আৰু ৰোলপাৰ প্ৰতীক পুন। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে নেপাল চৰকাৰে ইউক্ৰেইন চৰকাৰৰ লগতে ৰাষ্ট্ৰসংঘ আৰু ৰেড ক্ৰছৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ জৰিয়তে নেপালৰ বন্দীসকলক মুকলি কৰি দিয়াৰ বাবে প্ৰচেষ্টা চলাইছে ।
হিন্দুস্থান সমাচাৰ/পংকজ/মনোজ
