বেইজিং, ২৭ অক্টোবৰ (হি.স.)। আমেৰিকাৰ নৌসেনাৰ এখন হেলিকপ্টাৰ আৰু এখন যুদ্ধ বিমান দেওবাৰে দক্ষিণ চীন সাগৰত সংঘটিত হোৱা পৃথক পৃথক ঘটনাত দুৰ্ঘটনাগ্ৰস্ত হয় । দুয়োখন বিমানে বিমানবাহী জাহাজ ইউ এছ এছ নিমিটজৰ পৰা নিয়মীয়া অভিযান চলাইছিল। সকলো ক্ৰু সদস্য নিৰাপদ বুলি জনোৱা হৈছে।
ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই দুৰ্ঘটনাৰ কাৰণ “দুৰ্বল ইন্ধন” বুলি কয়। আমেৰিকাৰ নৌসেনাই এই দুৰ্ঘটনা নিশ্চিত কৰি কয় যে সকলো ক্ৰু সদস্যক নিৰাপদে উদ্ধাৰ কৰা হৈছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, আমেৰিকাৰ পেচিফিক ফ্লীটৰ অংশ ইউ এছ এছ নিমিটজৰ এখন এম এইচ-৬০আৰ ছি হক হেলিকপ্টাৰ স্থানীয় সময় অনুসৰি দুপৰীয়া প্ৰায় ২:৪৫ বজাত দুৰ্ঘটনাগ্ৰস্ত হয়। কিছু মিনিটৰ পাছত একেখন বিমানবাহী জাহাজৰ পৰাই এখন এফ/এ-১৮এফ চুপাৰ হৰ্নেট যুদ্ধ বিমানো দুৰ্ঘটনাগ্ৰস্ত হয়। নিয়মীয়া অপাৰেচনৰ সময়ত সংঘটিত হৈছে দুয়োটা ঘটনা।
নৌসেনাই উল্লেখ কৰিছে যে দুৰ্ঘটনাৰ কাৰণৰ তদন্ত চলি আছে। দুৰ্ঘটনাত আহত পাঁচোজন জোৱানৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ সঠিক স্থান বা কাৰণ সন্দৰ্ভত এতিয়াও কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই।
ইফালে ৰাষ্ট্ৰপতি ট্ৰাম্পে এই দুৰ্ঘটনাক “অস্বাভাৱিক” বুলি অভিহিত কৰি “বেয়া ইন্ধন”ক সম্ভাৱ্য কাৰণ বুলি সন্দেহ কৰে। ইফালে চীনৰ বৈদেশিক মন্ত্ৰালয়ে আমেৰিকাৰ বিমান দুৰ্ঘটনাৰ প্ৰতি সঁহাৰি জনাই মানৱীয় সাহায্য আগবঢ়াইছে। দক্ষিণ চীন সাগৰত আমেৰিকা আৰু চীনৰ নৌসেনাৰ কাৰ্যকলাপক লৈ চলি থকা উত্তেজনাৰ সময়ত এই দুৰ্ঘটনা সংঘটিত হয়।
हिन्दुस्थान समाचार / অৰৱিন্দ
