• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ পৰিসৰত বিস্ফোৰণ, কেইবাজনো আহত, বোমা দল উপস্থিত
International

পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ পৰিসৰত বিস্ফোৰণ, কেইবাজনো আহত, বোমা দল উপস্থিত

CliQ INDIA
Last updated: November 4, 2025 11:45 pm
CliQ INDIA
Share
3 Min Read
SHARE

ইছলামাবাদ, ০৪ নৱেম্বৰ (হি.স.)। পাকিস্তানৰ ৰাজধানী ইছলামবাদৰ উচ্চতম ন্যায়ালয়ৰ কমপ্লেক্সত আজি এক বৃহৎ বিস্ফোৰণে জোকাৰি যায়। পাকিস্তানৰ সংবাদ মাধ্যমৰ বাতৰি আহতসকলৰ সংখ্যাৰ সৈতে অসঙ্গতিপূৰ্ণ। এই বিস্ফোৰণৰ ফলত আদালতত আতংকৰ সৃষ্টি হয়, মানুহে প্ৰাণ ৰক্ষাৰ বাবে পলায়ন কৰে। ফেডাৰেল চৰকাৰ বা উচ্চতম ন্যায়ালয়ে এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। সংবাদ মাধ্যমৰ খবৰ অনুসৰি আদালতত উপস্থিত হৈছে বোমা নিষ্কাষণ কাৰী দলটো।

স্থানীয় সংবাদ মাধ্যমৰ উদ্ধৃতি দি ড’ন কাকতে প্ৰকাশ কৰা অনুসৰি ইছলামবাগৰ উচ্চতম ন্যায়ালয়ৰ ভৱনত বিস্ফোৰণ সংঘটিত হয়। সংবাদ মাধ্যমে এই ঘটনাত কেইবাজনো লোক আহত হোৱাৰ বাতৰি প্ৰকাশ কৰিছে যদিও কোনো লোক হতাহতিৰ খবৰ পোৱা নাই। সংবাদ মাধ্যমৰ বাতৰিয়ে প্ৰথমে উল্লেখ কৰিছিল যে গেছ চিলিণ্ডাৰৰ ফলত এই বিস্ফোৰণ ঘটিছে। পিছত এয়াৰ কণ্ডিচনাৰত বিস্ফোৰণ হোৱা বুলি কোৱা হয়। বিস্ফোৰণৰ কেইবাটাও ভিডিঅ’ ওলাইছে, য’ত আদালতৰ ভৱনৰ কিছু অংশৰ ভিতৰৰ অংশ ক্ষতিগ্ৰস্ত আৰু মজিয়াত তেজৰ দাগ দেখা গৈছে। ডনৰ আইনী সংবাদদাতাৰ মতে, বেছমেণ্টত অৱস্থিত কেফেটেৰিয়াত সংঘটিত হৈছে এই বিস্ফোৰণ।

এক্সপ্ৰেছ ট্ৰিবিউন কাকতে প্ৰকাশ কৰা অনুসৰি উচ্চতম ন্যায়ালয়ৰ বেছমেণ্ট কেফেটেৰিয়াত গেছ চিলিণ্ডাৰ বিস্ফোৰণ হৈ অট্টালিকাটো জোকাৰি যায়। আহত চাৰিজন লোকক লগে লগে চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। বিস্ফোৰণৰ পিছত অধিবক্তা আৰু আদালতৰ কৰ্মচাৰীয়ে অট্টালিকাটো মুকলি ঠাইলৈ উলিয়াই আনে। উচ্চতম ন্যায়ালয়ত উপস্থিত হৈছে ইছলামবাগ আৰক্ষীৰ মহাপৰিদৰ্শক আলী নাছিৰ ৰিজৱী। এটা বোমা স্কোয়াডো উপস্থিত। তদন্ত চলি আছে।

সূত্ৰৰ উদ্ধৃতি দি আজ টিভিয়ে প্ৰকাশ কৰা অনুসৰি উচ্চতম ন্যায়ালয়ৰ ভৱনৰ বেছমেণ্টত এয়াৰ কণ্ডিচনাৰ মেৰামতিৰ সময়ত এই বিস্ফোৰণ সংঘটিত হয়। আহত হয় দুজন বিষয়া। বিস্ফোৰণৰ লগে লগে আদালতৰ বিষয়াসকলে অট্টালিকাৰ ভিতৰত থকা সকলোকে খালী কৰিবলৈ নিৰ্দেশ দিয়ে। আৰক্ষী আৰু নিৰাপত্তা সংস্থাই এই বিস্ফোৰণৰ প্ৰকৃতি আৰু প্ৰভাৱৰ মূল্যায়ন কৰি আছে। উচ্চতম ন্যায়ালয়ৰ আশে-পাশে থকা অঞ্চলটো ছীল কৰি দিয়া হৈছে। আদালতৰ কৰ্মচাৰী আৰু দৰ্শনাৰ্থীক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। তদন্তৰ বাবে উপস্থিত হৈছে বোমা নিষ্কাশন আৰু নিৰাপত্তাৰক্ষীৰ দল।

ঘটনাস্থলীৰ পৰা পোৱা প্ৰাৰম্ভিক খবৰৰ উদ্ধৃতি দি সামা টিভিয়ে প্ৰকাশ কৰা অনুসৰি আজি উচ্চতম ন্যায়ালয়ৰ বেছমেণ্টত এটা গেছ চিলিণ্ডাৰ বিস্ফোৰণ ঘটে। বিস্ফোৰণত আহত হয় ৮ জন লোক। সূত্ৰই নিশ্চিত কৰিছে যে অট্টালিকাটোৰ কেন্দ্ৰীয় এয়াৰ কণ্ডিচনাৰ ব্যৱস্থা মেৰামতিৰ সময়ত এই বিস্ফোৰণ সংঘটিত হৈছে। হঠাৎ বিস্ফোৰণৰ ফলত অট্টালিকাৰ ভিতৰত আতংকৰ সৃষ্টি হয়, অধিবক্তা আৰু অন্যান্য কৰ্মচাৰীয়ে প্ৰাণ ৰক্ষাৰ বাবে পলায়ন কৰে। খবৰ অনুসৰি বিস্ফোৰণৰ ফলত ৬ নং আদালতৰ কাম-কাজত যথেষ্ট ব্যাঘাত জন্মে।বিস্ফোৰণৰ পূৰ্বে ন্যায়াধীশ আলী বাকাৰ নাজাফি আৰু ন্যায়াধীশ শ্বাহজাদ মালিকে গোচৰৰ শুনানি গ্ৰহণ কৰি আছিল। খবৰ অনুসৰি এই শক্তিশালী বিস্ফোৰণটোৱে ক’ৰ্ট কমপ্লেক্সৰ তলৰ মহলালৈকে প্ৰতিধ্বনিত হৈছিল। কিছু মিনিটৰ ভিতৰতে উদ্ধাৰকাৰী দল আৰু নিৰাপত্তাৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

বেলুচিস্তানৰ শ্বিৰানী জিলাৰ থানাত সন্ত্ৰাসবাদী আক্ৰমণ, লেভিছৰ বিষয়া আৰু কনিষ্টবল নিহত
পাকিস্তানৰ সিন্ধুত নলীনাদ প্ৰকল্পৰ বিৰোধিতা, আন্দোলনক লৈ শংকিত চৰকাৰ | BulletsIn
কফি, মাংস আৰু অন্যান্য মৌলিক খাদ্য সামগ্ৰীৰ ওপৰত শুল্ক প্ৰত্যাহাৰ ট্ৰাম্পৰ
গাজা যুদ্ধ বন্ধ কৰি পণবন্দীসকলক মুকলি কৰি দিয়াৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱত আমেৰিকাৰ ভেটো
ইৰাণৰ আমেৰিকাৰ বিৰুদ্ধে ৰাছিয়ান তেলক লৈ ভণ্ডামিৰ অভিযোগ: ভাৰতক ক্ৰয় কৰিবলৈ হেঁচা

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article শ্বেয়াৰ বজাৰত চাপ অব্যাহত, চেন্সেক্স আৰু নিফটি অৱনমিত
Next Article বিহাৰ বিধানসভা নিৰ্বাচন ২০২৫: আজি সমাপ্ত হ’ব ১২১খন আসনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?