নিউয়ৰ্ক, ১৯ ছেপ্টেম্বৰ (হি.স.)। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱত আমেৰিকাই পুনৰ ভেটো দিছে । ইয়াৰ লগতে তাৎক্ষণিক আৰু নিঃচৰ্ত, স্থায়ী যুদ্ধবিৰতি আৰু গাজাত পণবন্দীসকলক মুকলি কৰি দিয়াৰ আহ্বান জনাইছে। আন ১৪ জন নিৰাপত্তা পৰিষদৰ সদস্যই ইজৰাইলক পেলেষ্টাইনীসকলক মানৱীয় সাহায্যৰ ওপৰত থকা সকলো নিষেধাজ্ঞা উঠাই ল’বলৈ আহ্বান জনায় আৰু গাজাৰ পৰিস্থিতি অত্যন্ত গুৰুতৰ বুলি অভিহিত কৰে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই প্ৰস্তাৱ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১০ জন নিৰ্বাচিত সদস্যই উত্থাপন কৰে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ১৫ জন সদস্য, ১০ জন নিৰ্বাচিত আৰু ৫ জন স্থায়ী। এই ১৫ জনৰ ভিতৰত আমেৰিকাৰ বাহিৰে ১৪ জন সদস্যই এই প্ৰস্তাৱক সমৰ্থন কৰিছিল। এই প্ৰস্তাৱত গাজাত তাৎক্ষণিক, নিঃচৰ্ত, স্থায়ী যুদ্ধবিৰতিৰ আহ্বান জনোৱা হৈছে। এই প্ৰস্তাৱটোত হামাছ আৰু অন্যান্য গোটৰ হাতত থকা সকলো পণবন্দীক মুকলি কৰি দিয়াৰ লগতে মানৱীয় সাহায্যৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱাৰ আহ্বান জনোৱা হৈছে।
প্ৰায় দুবছৰ পূৰ্বে ইজৰাইল আৰু হামাছৰ মাজত সংঘাত আৰম্ভ হোৱাৰ পিছত আমেৰিকাৰ এই ষষ্ঠটো ভেটো। ২০২৩ চনৰ ৭ অক্টোবৰত হামাছ আৰু অন্যান্য পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠনে ইজৰাইলক আক্ৰমণ কৰাৰ পিছত গাজাৰ সংঘাত আৰম্ভ হয়। ৭ অক্টোবৰৰ আক্ৰমণত প্ৰায় ১২০০ ইজৰাইলী নিহত হয় আৰু ২৫০ জন পণবন্দী কৰা হয়। আজিও হামাছৰ হাতত আছে ৪৮ জন পণবন্দী।
ভেটোৰ অৰ্থ হ’ল কোনো প্ৰস্তাৱ, আইন বা সিদ্ধান্তক বাধা বা প্ৰত্যাখ্যান কৰাৰ অধিকাৰ। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ পাঁচোটা স্থায়ী সদস্যৰে ভেটো ক্ষমতা আছে। ভেটো অবিহনে সকলোৱে সন্মতি দিলেহে প্ৰস্তাৱ গৃহীত হয় ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
