ইছলামাবাদ, ১৭ ছেপ্টেম্বৰ (হি.স.)। পাকিস্তানৰ বেলুচিস্তানৰ শ্বেৰানী জিলাত আৰক্ষী আৰু অৰ্ধসামৰিক লেভিছ থানাত আক্ৰমণ সন্ত্ৰাসবাদীয়ে। এজন আৰক্ষী কনিষ্টবল আৰু এজন লেভিছ বিষয়া নিহত হোৱাৰ লগতে ছয়জনতকৈ অধিক লোক আহত হয়।
দ্য নিউজ কাকতত প্ৰকাশিত বাতৰি অনুসৰি শ্বেৰানীৰ উপ আয়ুক্ত হজৰত ৱালি কাকাৰে বুধবাৰে কয় যে এই আক্ৰমণত আৰক্ষী থানালৈ যোগাযোগ ব্যৱস্থা ব্যাহত হৈছে। আহতসকলক ঝোব অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কাকৰে কয় যে লেভিছৰ এজন বিষয়া নিৰুদ্দেশ হোৱাৰ লগতে আন দুজন আহত হৈছে। নিৰুদ্দেশ হোৱা লোকক বিচাৰি উলিয়াবলৈ অব্যাহত আছে এক অনুসন্ধান অভিযান।
ইফালে ডি এছ পি ছাজ্জাদ খানে কয় যে খাইবাৰ পখতুনখোৱাৰ বান্নুৰ মিৰিয়ান থানা আৰু মাজাং আউটপোষ্টত সন্ত্ৰাসবাদী আক্ৰমণ বিফল হৈছে। তিনিজন সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে আহত হয় চাৰিজন। আহত সন্ত্ৰাসবাদীকেইটা কোনোমতে পলায়ন কৰিবলৈ সক্ষম হয় বুলিও তেওঁ কয়।
বেলুচিস্তানৰ কেচ জিলাৰ শ্বেৰবন্দিত ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি) আক্ৰমণত এজন কেপ্তেইনসহ পাকিস্তানী সেনাৰ পাঁচজন জোৱান নিহত হোৱাৰ পিছতে এই আক্ৰমণ সংঘটিত হৈছে। ইয়াৰ পূৰ্বে খাইবাৰ পখতুনখোৱা লক্কি মাৰৱাট জিলাত নিৰাপত্তা বাহিনীয়ে ৩১জন উগ্ৰপন্থীক হত্যা কৰিছিল।
আৰক্ষী আৰু সামৰিক বিষয়াসকলে জনোৱা মতে, ২০২১ চনত তালিবান শাসকসকল আফগানিস্তানলৈ উভতি অহাৰ পিছত পাকিস্তানত সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদীৰ কাণ্ড বৃদ্ধি পাইছে।প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে বাৰে বাৰে কৈছে যে আফগানিস্তানে সন্ত্ৰাসবাদীক সমৰ্থন কৰা বা পাকিস্তানৰ সৈতে থিয় দিয়াৰ মাজৰ পৰা এটা বাছি ল’ব লাগিব। শ্বাহবাজৰ এই সতৰ্কবাণীৰ এতিয়ালৈকে কোনো প্ৰভাৱ পৰা নাই।
পাকিস্তান ইনষ্টিটিউট ফৰ কনফ্লিক্ট এণ্ড ছিকিউৰিটি ষ্টাডিজৰ এক প্ৰতিবেদন অনুসৰি জুলাই মাহৰ তুলনাত আগষ্ট মাহত দেশত সন্ত্ৰাসবাদী আক্ৰমণ ৭৪ শতাংশ বৃদ্ধি পাইছে। ইছলামবাগস্থিত থিংক টেংকটোৱে এই মাহটোত সন্ত্ৰাসবাদী আক্ৰমণত ১৯৪ জন লোকৰ মৃত্যুৰ তথ্য লাভ কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
