-লাহোৰ আৰু সৰগোধাৰ দুখন সন্ত্ৰাসবাদ বিৰোধী আদালতৰ নিশা ৯ বজাৰ পিছত কাৰাগাৰত ৰায় ঘোষণা
লাহোৰ, ২৩ জুলাই (হি.স.)। পাকিস্তানৰ লাহোৰ আৰু সৰগোড়াৰ দুখন আদালতে নিশা প্ৰায় ৯.৩০ বজাত বহিষ্কৃত প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ দল পাকিস্তান তেহৰিক-ই-ইনছাফ (পিটিআই)ৰ কেইবাজনো নেতাক ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। ২০২৩ চনৰ ০৯ মে’ত ইমৰানক দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছত দেশত বিয়পি পৰা হিংসাত্মক পৰিস্থিতিৰ বাবে তেওঁলোকৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ ওপৰত এই সিদ্ধান্ত তেওঁলোকৰ সকলোৰে বিৰুদ্ধে আহিছে।
ডন কাকতৰ খবৰ অনুসৰি লাহোৰ সন্ত্ৰাসবাদ বিৰোধী আদালতৰ ন্যায়াধীশ আৰ্ছাদ জাভেদে নিশা প্ৰায় ৯.৩০ বজাত কোট লখপট কাৰাগাৰত শ্বেৰপাও দলং হিংসাত্মক কাণ্ডৰ সৈতে জড়িত পিটিআই নেতাৰ উপস্থিতিত এই ৰায়দান কৰে। আদালতে ডাঃ ইয়াছমিন ৰছিদ, চিনেটৰ এজাজ চৌধাৰী, প্ৰাক্তন ৰাজ্যপাল উমৰ সৰফৰাজ চিমা আৰু প্ৰাক্তন প্ৰাদেশিক মন্ত্ৰী মিয়ান মাহমুদুৰ ৰছিদক ১০ বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। পিটিআইৰ চাৰিজন জ্যেষ্ঠ নেতাৰ উপৰিও ন্যায়াধীশগৰাকীয়ে আফজল আজিম পাহাট, আলী হাছান, খালিদ কায়ুম, ৰিয়াজ হুছেইনকে ধৰি কেইবাজনো অভিযুক্তক ১০ বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।
অৱশ্যে আদালতে পিটিআইৰ উপ-সভাপতি তথা প্ৰাক্তন বৈদেশিক মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বীক দোষমুক্ত কৰে। ০৯ মে’ত লাহোৰত সংঘটিত হোৱা দাঙ্গা সম্পৰ্কীয় যিকোনো গোচৰৰ এইটোৱেই প্ৰথম ৰায়। ন্যায়াধীশে কুৰেশ্বীকে ধৰি ছয়জন অভিযুক্তক দোষমুক্ত কৰে। প্ৰতিৰক্ষাৰ মতে, অভিযোগ অনুসৰি হিংসা সংঘটিত হোৱাৰ দিনটোত তেওঁলোকৰ ক্লায়েণ্ট কৰাচীত আছিল। পিটিআই কৰ্মী হামজা আজিম, আইতজাজ ৰফিক, ৰানা তনবীৰ, ইফতিখাৰ আহমেদ আৰু জয়ছ খানকো দোষমুক্ত কৰা হয়।
নিৰাপত্তাজনিত কাৰণত কাৰাগাৰত বিচাৰৰ সময়ত ১৪জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছিল। ২০২৩ চনৰ ২৮ ছেপ্টেম্বৰত বিচাৰ বিভাগে চালান (চাৰ্জ শ্বীট) দাখিল কৰিছিল।অভিযোগে যুক্তি দিছিল যে ‘০৯ মে’ৰ ষড়যন্ত্ৰ’ ০৭ মে’ত ইমৰাণ খানৰ বাসগৃহ জামান পাৰ্কত ৰচনা কৰা হৈছিল। প্ৰতিৰক্ষা অধিবক্তা মালিকে যুক্তি আগবঢ়ায় যে এফ আই আৰত ৪০০ অভিযুক্তৰ কথা উল্লেখ আছে যদিও মাত্ৰ ১৪ জনৰ বিৰুদ্ধে বিচাৰ চলি আছে।অধিবক্তাগৰাকীয়ে লগতে আঙুলিয়াই দিয়ে যে ০৯ মে’ত কোনো ব্যক্তি আহত হোৱা বুলি দেখুৱাব পৰাকৈ কোনো চিকিৎসা প্ৰমাণপত্ৰ নাই। কুৰেছিৰ বিষয়ে তেওঁ কয় যে ২০২৩ চনৰ ৯ মে’ত প্ৰাক্তন বৈদেশিক মন্ত্ৰীগৰাকী কৰাচীত আছিল।০৯ মে’ত ব্যাপক হিংসাত্মক প্ৰতিবাদৰ সময়ত অভিযুক্তই শ্বেৰপাও দলঙত উত্তেজক ভাষণ দিয়াৰ লগতে দাঙ্গা জগাই তোলা বুলি দাবী কৰি সৰৱাৰ ৰোড আৰক্ষীয়ে এফআইআৰ পঞ্জীয়ন কৰে।
কাৰ্গিলৰ মুছাখেল থানাত ৰুজু হোৱা ০৯ মে’ৰ দাঙ্গা গোচৰত পঞ্জাৱ বিধানসভাৰ বিৰোধী নেতা আহমেদ খান ভাচাৰকে ধৰি কেইবা ডজনো পিটিআই নেতাক ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে সৰগোধা সন্ত্ৰাসবাদ বিৰোধী আদালতে। ন্যায়াধীশ নয়ম শ্বেখে বহি থকা সাংসদ আহমেদ চত্তা আৰু প্ৰাক্তন সাংসদ ৰানা বিলাল এজাজকে ধৰি ৩২জন অভিযুক্তক দোষী সাব্যস্ত কৰে। এই গোচৰত ৰাষ্ট্ৰীয় বিধানসভাৰ বিৰোধী নেতা উমৰ আয়ুব খানকে ধৰি ৭০ৰো অধিক অভিযুক্তক পলাতক ঘোষণা কৰা হয়।
বিচাৰৰ সময়ত এক ডজনৰো অধিক অভিযুক্তক ব্যক্তিগতভাৱে হাজিৰ হোৱাৰ পৰা ৰেহাই দিয়া হৈছিল। ০৯ মে’ৰ গোচৰত দোষী সাব্যস্ত হোৱা পিটিআইৰ সাংসদসকলক সংবিধানৰ ৬৩ (১) (ছ) অনুচ্ছেদৰ অধীনত স্বয়ংক্ৰিয়ভাৱে অযোগ্য ঘোষণা কৰা হ’ব। এই শাস্তি সন্দৰ্ভত মন্তব্য কৰি উমৰ আয়ুব খানে কয় যে সৰগোধা আদালতৰ সিদ্ধান্ত অবৈধ। এক্স একাউণ্টৰ ওপৰত এক বিবৃতিত তেওঁ কয় যে পূৰ্বৰ বিচাৰ ন্যায়াধীশে বিচাৰ বিভাগৰ সাক্ষীসকলক অবিশ্বাস্য বুলি ঘোষণা কৰিছিল। অন্যায়ভাৱে দোষী সাব্যস্ত হ’ল পিটিআইৰ নেতা। তেওঁ কয় যে পিটিআইৰ নেতাসকলে এই শাস্তি উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব। তেওঁ ড০ ইয়াছমিন ৰছিদ, মিয়ান মহম্মদ উৰ ৰছিদ, চিনেটৰ এজাজ চৌধুৰী আৰু প্ৰাক্তন ৰাজ্যপাল উমৰ চিমা আদিৰ শাস্তি প্ৰদানৰ ঘটনাক গৰিহণা দিয়ে। খানে কয় যে আইনৰ শাসন পাকিস্তানত সমাধিস্থ কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
