কলম্বো, ১২ নৱেম্বৰ (হি.স.)। শ্ৰীলংকাৰ প্ৰাক্তন মন্ত্ৰী প্ৰসন্না ৰানাতুংগাক দুৰ্নীতিৰ অভিযোগত আজি দুৰ্নীতি নিবাৰক আয়োগৰ মুখ্য কাৰ্যালয়ত বিষয়াসকলে গ্ৰেপ্তাৰ কৰে। ৰাতিপুৱা তেওঁ বক্তব্য ৰাখিবলৈ উপস্থিত হৈছিল। বক্তব্য দিয়াৰ পিছতে তেওঁক আটক কৰি ৰখা হয়। ইয়াৰ পিছতে কৰ্তৃপক্ষই তেওঁক শ্ৰীলংকা বীমা নিগমৰ কেলেংকাৰী সন্দৰ্ভত জেৰা আৰম্ভ কৰে।
কলম্বোৰ নিউজ ফাৰ্ষ্ট পৰ্টেলত প্ৰকাশ পোৱা তথ্য অনুসৰি প্ৰাক্তন মন্ত্ৰী ৰানাতুংগাক নিজৰ বক্তব্য দিয়াৰ কিছু সময়ৰ পিছতে উৎকোচ আৰু দুৰ্নীতি প্ৰতিৰোধ আয়োগৰ বিষয়াসকলে আটক কৰে। আয়োগৰ ভিতৰৰ সূত্ৰ অনুসৰি এই গ্ৰেপ্তাৰ তেওঁৰ কেবিনেট মন্ত্ৰী হিচাপে সংঘটিত হোৱা দুৰ্নীতিৰ গোচৰৰ সৈতে জড়িত। চলি থকা তদন্ত সন্দৰ্ভত আনুষ্ঠানিক বিবৃতি দিবলৈ আজি আয়োগৰ সন্মুখত হাজিৰ হয় ৰানাতুংগা।
বিষয়াসকলে নিশ্চিত কৰিছে যে ৰানাতুংগাক সোধা-পোছা কৰা হৈছে আৰু তেওঁৰ বক্তব্য তদন্তৰ অংশ হিচাপে লিপিবদ্ধ কৰা হৈছে। ৰানাতুংগাৰ বিৰুদ্ধে ৰাজহুৱা ধনৰ অপব্যৱহাৰৰ অভিযোগ উঠিছে। ইয়াৰ ফলত শ্ৰীলংকাৰ বীমা নিগমৰ ৪৭ লাখ টকাৰো অধিক লোকচান হৈছে। পৰ্যটন মন্ত্ৰালয়ৰ অধীনস্থ চাৰিটা প্ৰতিষ্ঠানৰ কৰ্মচাৰীক প্ৰত্যক্ষ চিকিৎসা বীমা কভাৰ প্ৰদানৰ বাবে ব্যক্তিগত দালাল প্ৰতিষ্ঠানক অবৈধভাৱে নিযুক্তি দিয়াৰ অভিযোগো প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
