গাব’ৰ’ন, ১৩ নৱেম্বৰ (হি.স.)। ভাৰত আৰু বটছৱানাৰ মাজত বন্যপ্ৰাণী সংৰক্ষণ সহযোগিতাৰ এক নতুন অধ্যায় চিহ্নিত কৰি বটছৱানাই প্ৰজেক্ট চিটাৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে ভাৰতক আঠটা চিতা উপহাৰ দিছে। বৃহস্পতিবাৰে মকোলোডি প্ৰকৃতি সংৰক্ষিত বনাঞ্চলত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু বটছৱানাৰ ৰাষ্ট্ৰপতি ডুমা গিডিয়ান বকোৱে এই চিতাবোৰৰ প্ৰতীকী মুক্তিৰ সাক্ষী হৈ পৰে। বটছৱানাৰ ঘাঞ্জী অঞ্চলৰ পৰা অনা চিতা কেইটা ভাৰত আৰু বটছৱানাৰ বিশেষজ্ঞই কোৱাৰেণ্টাইন সুবিধালৈ এৰি দিয়ে।
ৰাষ্ট্ৰপতি মুৰ্মুৰ এই ভ্ৰমণক ভাৰত আৰু বটছৱানাৰ মাজত বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
এই ভ্ৰমণৰ পিছত ৰাষ্ট্ৰপতি মুৰ্মুৱে বটছৱানাৰ উপ-ৰাষ্ট্ৰপতি ণ্ডাবা এনকোচিনাথি গাওলাথে আৰু বৈদেশিক মন্ত্ৰী ড০ ফেনিঅ’ বুটালেৰ সৈতে পৃথক পৃথক বৈঠকত মিলিত হয়।
ভাৰতলৈ উভতি অহাৰ পূৰ্বে ৰাষ্ট্ৰপতি মুৰ্মুৱে গাব’ৰ’নত ভাৰতীয় উচ্চায়ুক্তৰ আয়োজন কৰা এক অভ্যৰ্থনা অনুষ্ঠানত ভাৰতীয় জনগোষ্ঠীক সম্বোধন কৰে। জল শক্তি আৰু ৰে’ল বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভি.সোমান, সাংসদ প্ৰভুভাই ভাছাৱ আৰু ডি. অৰুণাও উপস্থিত আছিল।
ভাষণত ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে বটছৱানাত বাস কৰা ভাৰতীয় নাগৰিকসকল ভাৰতৰ প্ৰকৃত সাংস্কৃতিক ৰাষ্ট্ৰদূত, কঠোৰ পৰিশ্ৰম, সততা, সমন্বয় আদি ভাৰতীয় মূল্যবোধক জীয়াই ৰাখিছে। ভাৰতীয় প্ৰব্ৰজনকাৰীসকলক বটছৱানাৰ উন্নয়নত অৰিহণা যোগাই ভাৰতৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিবলৈ আহ্বান জনায়। ভাৰতৰ বহিঃৰাজ্য নাগৰিক আঁচনি, প্ৰবাসী ভাৰতীয় দিৱস আদি কাৰ্যসূচীৰ সুবিধা ল’বলৈও আহ্বান জনায়।
ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে ভাৰত-বটছৱানাৰ সম্পৰ্ক পাৰস্পৰিক বিশ্বাস, সন্মান, আৰু গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। ৰাষ্ট্ৰপতি বকোৰ সৈতে হোৱা আলোচনাৰ সময়ত দুয়োখন দেশে বাণিজ্য, শিক্ষা, স্বাস্থ্য, ডিজিটেল প্ৰযুক্তি, কৃষি, নবীকৰণযোগ্য শক্তিৰ দৰে ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে সন্মত হোৱা বুলিও তেওঁ কয়।
আফ্ৰিকাৰ দুখন দেশ এংগোলা আৰু বটছৱানাত সফল ভ্ৰমণ সমাপ্ত কৰি ১৪ নৱেম্বৰৰ পুৱা নতুন দিল্লীত উপস্থিত হ’ব ৰাষ্ট্ৰপতি মুৰ্মু।
हिन्दुस्थान समाचार / অৰৱিন্দ
