
-ৰাষ্ট্ৰপতিৰ কাৰ্যালয় ক্ৰেমলিনে কৰিলে সদৰি
মস্কো, ২২ নৱেম্বৰ (হি.স.)। বুধবাৰে ভাৰতে আয়োজন কৰিবলগীয়া জি-২০ নেতাৰ ডিজিটেল সন্মিলনত অংশগ্ৰহণ কৰিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। মঙলবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি কাৰ্যালয় ক্ৰেমলিনে এই তথ্য প্ৰদান কৰে।
ক্ৰেমলিনৰ বিবৃতিৰ উদ্ধৃতি দি ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা টাছে কয় যে ২০২৩ চনৰ ২২ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া জি-২০ গ্ৰুপৰ নেতাসকলৰ ডিজিটেল সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে অংশগ্ৰহণ কৰিব। এই বৈঠকত জি-২০ গ্ৰুপৰ অধ্যক্ষতাত ভাৰতৰ ফলাফল, বিশ্ব অৰ্থনীতি আৰু বিত্তৰ অৱস্থা, জলবায়ু কাৰ্যসূচী, ডিজিটেলাইজেশ্যনৰ বিষয় আৰু অন্যান্য বিষয়ৰ ওপৰত আলোচনা হ’ব বুলি আশা কৰা হৈছে।
চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনত পুটিনে অংশগ্ৰহণ কৰা নাছিল। তেওঁৰ ঠাইত ৰাছিয়াক প্ৰতিনিধিত্ব কৰিছিল বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভে। ইয়াৰ পূৰ্বেও যোৱা বছৰৰ নৱেম্বৰ মাহত ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলনত পুটিনে অংশগ্ৰহণ কৰা নাছিল।
হিন্দুস্থান সমাচাৰ/ অজিত/মনোজ/অৰবিন্দ
