কোকৰাঝাৰ, ২২ নৱেম্বৰ (হি.স.): কোকৰাঝাৰৰ পাগলাহাট আৰক্ষীয়ে মাদক দ্ৰব্য়ৰ বিৰুদ্ধে লাভ কৰিছে বিশেষ সফলতা । পাগলাহাট আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ৩০০ লিটাৰ অবৈধ চুলাই মদ জব্দ কৰা হৈছে। দুষ্ট চক্ৰই কোকৰাঝাৰৰ বাশবাৰী পৰা চুলাই মদ আনি প্ৰতাপগঞ্জ অঞ্চলত চলাই আছিল অবৈধ ৰমৰমীয়া বেহা ।
যোৱাকালি মঙলবাৰে সন্ধিয়াৰ ভাগত পাগলাহাট আৰক্ষীয়ে এক গোপন অনুসন্ধানত অভিযান চলাই চুলাই মদ সমূহ জব্দ কৰাৰ লগতে জুই দি জ্বলাই বিনষ্ট কৰি দিয়ে । চুলাই সেৱন কৰি একাংশই অঞ্চলত দীৰ্ঘদিন ধৰি চলাই আহিছিল বিভিন্ন অপৰাধ মূলক ঘটনা ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
