
প্ৰাগ, ০৯ ছেপ্টেম্বৰ (হি স)। চোৰাংচোৱাগিৰিৰ অভিযোগত এজন বেলাৰুছ কূটনীতিবিদক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লৈছে চেক গণৰাজ্যই। সোমবাৰে এই তথ্য দি চেক বৈদেশিক মন্ত্ৰালয়ে কয় যে কূটনীতিবিদগৰাকীয়ে প্ৰকৃততে চোৰাংচোৱা সংস্থাটোৰ বাবে কাম কৰি আছিল আৰু তেওঁক “পাৰ্চনা নন গ্ৰেটা” বুলি ঘোষণা কৰা হৈছে।
চেক কাউণ্টাৰ চোৰাংচোৱা সেৱাই দাবী কৰিছে যে তেওঁলোকে ৰোমানিয়া আৰু হাংগেৰীৰ সংস্থাৰ সহযোগত ইউৰোপত চলি থকা বেলাৰুছ চোৰাংচোৱা নেটৱৰ্ক ভাঙি পেলাইছে। মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে, “চোৰাংচোৱাগিৰিৰ কাম-কাজৰ বাবে কূটনৈতিক আৱৰণৰ অপব্যৱহাৰ আমি সহ্য নকৰো।”
এই সন্দৰ্ভত ৰোমানিয়াতো তদন্ত চলি আছে, য’ত বিচাৰ ইউনিট DIICOT এ ৪৭ বছৰীয়া মলদোভান প্ৰাক্তন চোৰাংচোৱা মুৰব্বীজনৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰিছে।
অৱশ্যে চেক আৰু ৰোমানিয়াৰ দৰে হাংগেৰীয়ে ৰাছিয়া আৰু বেলাৰুছৰ সৈতে ঘনিষ্ঠ কূটনৈতিক সম্পৰ্ক বজাই ৰাখিছে।
প্ৰাগস্থিত বেলাৰুছৰ দূতাবাসে এই সন্দৰ্ভত ততাতৈয়াকৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।
हिन्दुस्थान समाचार / অৰৱিন্দ
