পেছাৱৰ, ১১ নৱেম্বৰ (হি.স.)। পাকিস্তানৰ খৈবাৰ পখতুনখোৱা প্ৰদেশৰ ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী মহম্মদ আজম খানৰ আজি দেহাৱসান ঘটে। পেছাৱৰৰ ৰেহমান মেডিকেল ইনষ্টিটিউটত শেষ নিশ্বাস ত্যাগ কৰিলে ৮৯ বছৰীয়া খানে। শুকুৰবাৰে নিশা ১০ বজাত তেওঁক ইয়াত ভৰ্তি কৰোৱা হৈছিল।
সংবাদ মাধ্যমত প্রতিষ্ঠানৰ ডাঃ গুলজাৰৰ উদ্ধৃতিৰে তেওঁ হার্নিয়া ৰোগত আক্ৰান্ত বুলি প্রকাশ কৰিছে ৷ আজি তেওঁৰ অপাৰেচন সন্দৰ্ভত সিদ্ধান্ত ল’বলগীয়া আছিল। ইয়াৰ পূৰ্বে ৰাতিপুৱা ৯ বজাত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। প্ৰাক্তন আমোলা আৰু ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী খানে চলিত বৰ্ষৰ ২১ জানুৱাৰীত অন্তৱৰ্তীকালীন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰৱিন্দ
