• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > ৩৬ সংখ্যক দিনলৈ অব্যাহত আছে আমেৰিকা চৰকাৰৰ শ্বাট ডাউন, বিমান যাত্ৰীসকলৰ বাবে বাঢ়িছে অসুবিধা
International

৩৬ সংখ্যক দিনলৈ অব্যাহত আছে আমেৰিকা চৰকাৰৰ শ্বাট ডাউন, বিমান যাত্ৰীসকলৰ বাবে বাঢ়িছে অসুবিধা

CliQ INDIA
Last updated: November 6, 2025 9:55 pm
CliQ INDIA
Share
4 Min Read
SHARE

– ৪০টা ডাঙৰ বিমানবন্দৰত বিমান সেৱা হ্ৰাস কৰাৰ ঘোষণা ট্ৰাম্প প্ৰশাসনৰ

ৱাশ্বিংটন, ০৬ নৱেম্বৰ (হি.স.)। আমেৰিকা চৰকাৰৰ চলি থকা শ্বাট ডাউন (বন্ধ)-এ বুধবাৰে ৩৬ সংখ্যক দিনত প্ৰৱেশ কৰে। ট্ৰাম্প প্ৰশাসনে ঘোষণা কৰে যে যদিহে এই অচলাৱস্থা অব্যাহত থাকে আৰু ডেম’ক্ৰেটসকলে সন্মতি নিদিয়ে তেন্তে সমগ্ৰ দেশৰ ৪০টা ডাঙৰ বিমানবন্দৰত বিমান সেৱা হ্ৰাস পাব। বিষয়াসকলে কয় যে এই পৰিকল্পনা বিমান পৰিবহণ নিয়ন্ত্ৰকসকলক সহায় কৰিবলৈ ৰচনা কৰা হৈছে। ইয়াৰ ফলত হাজাৰ হাজাৰ বিমান সেৱাত প্ৰভাৱ পৰিব, যাৰ ফলত বাতিল হোৱাৰ সম্ভাৱনা আছে।

দ্য নিউয়ৰ্ক টাইমছৰ মতে, পৰিবহণ সচিব শ্বেন ডাফীয়ে বুধবাৰে এক সংবাদমেলত কয় যে এই হ্ৰাস বিমান পৰিবহণ নিয়ন্ত্ৰকৰ ওপৰত হেঁচা হ্ৰাস কৰাৰ প্ৰচেষ্টা। এই নিয়ন্ত্ৰকসকলে বন্ধৰ পিছৰে পৰা কোনো অতিৰিক্ত সুবিধা নোহোৱাকৈ কাম কৰি আহিছে আৰু অক্টোবৰৰ মাজভাগৰ পৰা দৰমহা লাভ কৰা নাই। তেওঁ কয় যে বিমান সেৱাৰ বাবে বছৰৰ আটাইতকৈ ব্যস্ত ভ্ৰমণৰ বতৰ ওচৰ চাপি অহাৰ বাবে বৃহস্পতিবাৰে প্ৰশাসনে এই হ্ৰাসৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিব।

শুকুৰবাৰৰ পৰা কাৰ্যকৰী হ’ব এই হ্ৰাস। খবৰ অনুসৰি যদি এনেকুৱা হয় তেন্তে লাখ লাখ ভ্ৰমণকাৰীয়ে চুটি জাননীৰ ভিতৰতে নিজৰ পৰিকল্পনা সলনি কৰিবলৈ বাধ্য হ’ব পাৰে। বিমান সংস্থাসমূহে কৰ্তন কৰাৰ হেঁচাত পৰিছে। এয়াৰলাইন্স ফৰ আমেৰিকাৰ প্ৰতিনিধিয়ে কয় যে তেওঁলোকে ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনৰ সৈতে যোগাযোগত আছে। এতিয়াও কোনো পৰিৱৰ্তনৰ ইংগিত দিয়া হোৱা নাই।

উল্লেখযোগ্য যে পৰিবহণ সচিব ডাফীয়ে ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচন (এফ এ এ)ৰ সৈতে বিমান পৰিবহণ নিয়ন্ত্ৰকৰ ওপৰত বৃদ্ধি পোৱা কামৰ বোজাক লৈ উদ্বেগ প্ৰকাশ কৰি আহিছে। অনুমোদিত ১৪ হাজাৰ বিমান পৰিবহণ নিয়ন্ত্ৰকৰ পদৰ ভিতৰত প্ৰায় ৩ হাজাৰ পদ খালী। বৰ্তমানৰ নিয়ন্ত্ৰকসকলে খালী পদ পূৰণৰ বাবে অতিৰিক্ত সময়ৰ শ্বিফটত কাম কৰি আহিছে। বন্ধৰ বাবে দ্বিতীয় মাহ ধৰি তেওঁলোকক ধন দিয়া হোৱা নাই।

ডাফীয়ে চলিত সপ্তাহৰ আৰম্ভণিতে সকীয়াই দিছিল যে বন্ধ অব্যাহত থাকিলে ব্যাপক বিশৃংখলতাৰ সৃষ্টি হ’ব। এফ এ এয়ে ৰাষ্ট্ৰীয় আকাশমাৰ্গৰ কিছু অংশ যাতায়তৰ বাবে বন্ধ কৰি দিব পাৰে যাতে কোনো বৃহৎ সংকটৰ পৰা হাত সাৰিব পৰা যায়। বুধবাৰে তেওঁৰ এই ঘোষণাক এই দিশত এক উল্লেখযোগ্য পদক্ষেপ বুলি বিবেচিত হৈছে। ডাফী আৰু এফ এ এৰ প্ৰশাসক ব্রায়ান বেডফোৰ্ডে কৰ্মচাৰীৰ অভাৱৰ কথা উল্লেখ কৰি ভৱিষ্যতে আৰু অধিক নিষেধাজ্ঞা আৰোপ কৰিব পৰা যাব বুলি কয়।

বেডফোৰ্ডে এখন সংবাদমেলত কয় যে পৰিস্থিতি ভয়াৱহ আৰু বিমান হ্ৰাস কৰাটোৱেই শেষ উপায় যেন লাগে। ইফালে, বুধবাৰে এফ এ এয়ে বিমান উদ্যোগ উদ্যোগৰ বিষয়াসকলক জনোৱা মতে, শুকুৰবাৰৰ পৰা ৪ শতাংশ হ্ৰাসৰ পৰা আৰম্ভ হ’ব আৰু সপ্তাহৰ শেষৰ ফালে এই কৰ্তন চলি থাকিব আৰু অহা সপ্তাহৰ ভিতৰত ১০ শতাংশ হ’ব।

এই ঘোষণাৰ পিছত টেক্সাছৰ ৰিপাব্লিকান চিনেটৰ তথা এফ এ এৰ তদাৰক কৰা চেনেট পেনেলৰ অধ্যক্ষ টেড ক্ৰুজে ছ’চিয়েল মিডিয়া পোষ্টত লিখিছে, ডেমক্ৰেটসকলে দুৰ্যোগৰ সৈতে ফ্লাৰ্ট কৰি আছে। ডাফী আৰু বেডফোৰ্ডৰ হাতত দেশজুৰি বিমান যাত্ৰা কৰ্তন আৰম্ভ কৰাৰ বাহিৰে আন উপায় নাই।

হাউছ ট্ৰেন্সপ’ৰ্টেশ্যন এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ কমিটীৰ শীৰ্ষ ডেম’ক্ৰেট ৰিক লাৰ্ছনে কয় যে এফ এ এয়ে তৎক্ষণাত সুৰক্ষাৰ বিপদৰ মূল্যায়ন আৰু আনুষংগিক তথ্য কংগ্ৰেছৰ সৈতে ভাগ-বতৰা কৰিব লাগে। বিমান পৰিবহণ বিশ্লেষকসকলে কয় যে এই কৰ্তনৰ ফলত দেশৰ পৰ্যটনত প্ৰভাৱ পৰিব। এফ এ এয়ে উল্লেখ কৰিছে যে এই কৰ্তনে নিউয়ৰ্ক আৰু ৱাশ্বিংটন ডি চিৰ তিনিওটাকে ধৰি ৩০টা ব্যস্ত বিমানবন্দৰৰ আধাতে প্ৰভাৱ পেলাব।মিচিগানস্থিত পৰামৰ্শদাতা সংস্থা এণ্ডাৰছন ইকনমিক গ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়া পেট্ৰিক এণ্ডাৰছনে কয় যে অৰ্থনৈতিক প্ৰভাৱৰ সম্ভাৱনা আছে, কিয়নো দেশৰ বহুতো ব্যস্ত বিমানবন্দৰে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যক প্ৰসাৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

বুধবাৰে নিশা ফ্লাইট এটেণ্ডেণ্ট এছ’চিয়েশ্যনেও উদ্বেগ প্ৰকাশ কৰি ট্ৰাম্প প্ৰশাসনক এই বন্ধৰ অন্ত পেলাবলৈ আহ্বান জনায়। এছ’চিয়েচনৰ সভানেত্ৰী চাৰা নেলছনে কয় যে, আমি জানো যে বিমান গ্ৰাউণ্ড হ’লে কি হয়। মানুহে ঔষধ নাপাব, ৰেষ্টুৰেণ্টে খাদ্য নাপাব, আৰু গেলামালৰ দোকানে যোগান নাপাব। মানুহে চিকিৎসা ল’ব নোৱাৰিব।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

পাকিস্তানৰ বেলুচিস্তানত সশস্ত্ৰ আক্ৰমণকাৰীৰ বাছৰ পৰা নমাই ৭ জন যাত্ৰীক হত্য়া | BulletsIn
বাংলাদেশৰ সংখ্যালঘুসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰসংঘলৈ আবেদন
নেপালঃ যোৱা ৭২ ঘণ্টাত ৪৫০টাতকৈও অধিক কম্পন
ওছমান হাদীৰ মৃত্যুত উতলিছে বাংলাদেশ, ডেৰ বছৰত তেওঁ হৈ পৰিছিল ছাত্ৰ আন্দোলনৰ নেতা
কুৱেইটৰ শ্ৰমিক শিবিৰত ভয়াৱহ অগ্নিকাণ্ড, বহু ভাৰতীয়কে ধৰি ৪৫ জন প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যু

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article অলংকাৰ বজাৰত ৰূপৰ চমক হ্ৰাস, চেন্নাইত ২০০০ পৰ্যন্ত কমিল দৰ
Next Article প্ৰথমে ভোটদান, তাৰ পিছত জলপানঃ প্ৰধানমন্ত্ৰী
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?