নতুন দিল্লী, ১৭ ফেব্ৰুৱাৰী : ভাৰতীয় জনতা পাৰ্টি(বিজেপি)ৰ ৰাষ্ট্ৰীয় পৰিষদৰ দুদিনীয়া বৈঠক আজি (শনিবাৰে) প্ৰগতি ময়দানত অৱস্থিত ভাৰত মণ্ডপামত আৰম্ভ হ’ব। ইয়াৰ প্ৰাকক্ষণত (শুকুৰবাৰে) ভাৰত মণ্ডপমত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই ‘মোডী চৰকাৰৰ ১০ বছৰীয়া কৃতিত্ব’ক আলোকপাত কৰি এখন প্ৰদৰ্শনী উদ্বোধন কৰে।
বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে ১৫ ফেব্ৰুৱাৰীত দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেলত ৰাষ্ট্ৰীয় পৰিষদৰ বৈঠক সন্দৰ্ভত ইতিমধ্যে বিতং তথ্য প্ৰদান কৰিছে। প্ৰসাদৰ মতে, সমগ্ৰ দেশৰ পৰা প্ৰায় ১১,৫০০ প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰিব। প্ৰতিনিধিসকলৰ ভিতৰত আছে দলৰ বিষয়ববীয়া, বৰ্তমান আৰু প্ৰাক্তন সাংসদ, বিধায়ক আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত মেয়ৰ। ৰাষ্ট্ৰীয় পৰিষদৰ বৈঠকত উদ্বোধনী ভাষণ প্ৰদান কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই। পিছদিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণেৰে বৈঠকৰ সামৰণি পৰিব।
বিজেপি নেতা প্ৰসাদৰ মতে, ইয়াৰ পূৰ্বে ২০১৪ আৰু ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনৰ ঠিক পূৰ্বে পৰিষদৰ বৈঠক অনুষ্ঠিত হৈছিল। ২০১৪ চনত লোকসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰি বিজেপিয়ে পাঁচ বছৰৰ পাছত তাতোকৈ ডাঙৰ জয় অৰ্জন কৰে। প্ৰধানমন্ত্ৰী মোদীয়েও বিগত দুখন পৰিষদীয় বৈঠকত নিজৰ মতামত ব্যক্ত কৰিছিল আৰু এতিয়া তেওঁ দলটোৰ বাবে ৩৭০খন লোকসভা আসন লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ বিপৰীতে শাসকীয় মিত্ৰজোঁটে ৫৪৩খন আসনৰ ভিতৰত ৪০০ৰো অধিক আসন লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। প্ৰধানমন্ত্ৰীৰ আহ্বানক সাৰ্থক কৰি তুলিবলৈ ৰাষ্ট্ৰীয় অধিৱেশনৰ আয়োজন কৰা হৈছে।
