টেল আভিভ/ৱাশ্বিংটন/জেৰুজালেম, ২৭ অক্টোবৰ (হি.স.)। চলিত মাহৰ ৭ তাৰিখে পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছে ইজৰাইলক আক্ৰমণ কৰাৰ পিছত সমগ্ৰ গাজাপট্টী যুদ্ধৰ জুইত জ্বলি আছে। বিমান আক্ৰমণৰ পিছত ইজৰাইলে স্থল আক্ৰমণৰ সম্পূৰ্ণ প্ৰস্তুতি চলাইছে। গাজাত ইজৰাইলৰ টেংকে ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছে। ইফালে আমেৰিকাই ছিৰিয়াত বিমান আক্ৰমণ চলাইছে। এই তথ্য সংবাদ মাধ্যমৰ বাতৰিত দিয়া হৈছে।
ইজৰাইলৰ যুদ্ধ বিমানে বৃহস্পতিবাৰে খান ইউনিছ (গাজা)ৰ আৱাসিক এলেকাত বোমা বৰ্ষণ কৰে। ইয়াৰ পূৰ্বে ইজৰাইলৰ টেংক আৰু সামৰিক সৈন্যই গাজাত হামাছৰ ঘাটিত সীমিত স্থল আক্ৰমণ চলাইছিল। স্থল আক্ৰমণৰ পূৰ্বে টেংক আৰু পদাতিক ইউনিটে হামাছৰ নিয়ন্ত্ৰিত গাজাত নিশাৰ ভিতৰতে অভিযান চলাইছিল। এই পৰিস্থিতিৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘই সকীয়াই দিছে যে গাজাপট্টীত ইন্ধন শেষ হোৱাৰ উপক্ৰম হৈছে। ইয়াৰ বাবেই তেওঁলোকে অঞ্চলটোত সাহায্যৰ কাম বন্ধ কৰিবলৈ বাধ্য হ’ব।
ইজৰাইলৰ বায়ুসেনাই একাংশ পণবন্দীক উদ্ধাৰ কৰা বুলি দাবী কৰি এটা ভিডিঅ’ প্ৰকাশ কৰিছে। কোৱা হয় যে এই অভিযান দক্ষিণ ইজৰাইল সীমান্তৰ ওচৰৰ কিবুটজ বেৰীত চলোৱা হৈছিল। ইফালে ইজৰাইলৰ বিমান আক্ৰমণত গাজাত পণবন্দী ৫০ জন লোকৰ মৃত্যু হোৱা বুলিও হামাছে দাবী কৰিছে। আন এক প্ৰতিবেদন অনুসৰি গাজাত ১৬০০ লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ ভিতৰত ৯০০ শিশুও আছে। বিমান আক্ৰমণত বিধ্বস্থ হোৱা অট্টালিকাসমূহত বহু লোক সমাধিস্থ হৈ পৰাৰ আশংকা কৰা হৈছে। ইজৰাইলৰ বায়ুসেনাই হামাছৰ ২৫০টা স্থানক লক্ষ্য কৰি লৈছে। ইজৰাইলৰ সেনাই আজি আগবাঢ়িব পাৰে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই ক্ষেপণাস্ত্ৰই ইজৰাইলৰ সীমান্তৰ সমীপৰ ইজিপ্তৰ লোহিত সাগৰৰ টাবা চহৰৰ চিকিৎসালয়ক লক্ষ্য কৰি লৈছিল। ইয়াৰ ফলত ৬ জন লোকৰ মৃত্যু হয়। কিন্তু ইজৰাইলে এই আক্ৰমণক অস্বীকাৰ কৰিছে। উল্লেখযোগ্য যে আজি ইজৰাইল-হামাছ যুদ্ধৰ ২১তম দিন। হামাছৰ আক্ৰমণৰ প্ৰত্যুত্তৰ জনাই ইজৰাইলৰ সেনাই ধাৰাবাহিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি আছে। গাজাপট্টীৰ স্বাস্থ্য বিষয়াসকলে কয় যে ইজৰাইলৰ বোমা বিস্ফোৰণত এতিয়ালৈকে ৭ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। এতিয়ালৈকে হামাছৰ আক্ৰমণত ১৪০০ৰো অধিক ইজৰাইলী সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে।
এই যুদ্ধৰ মাজতে আমেৰিকাই ছিৰিয়াত ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ সৈতে জড়িত দুটা স্থানত বিমান আক্ৰমণ চলাইছে। শেহতীয়াকৈ আমেৰিকাৰ লক্ষ্য আৰু কৰ্মীসকলৰ বিৰুদ্ধে ড্ৰ’ন আৰু মিছাইল আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পেন্টাগনে। আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰা অনুসৰি পশ্চিম এছিয়াত প্ৰায় ৯০০ আমেৰিকান জোৱান নিয়োগ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
