ৱাশ্বিংটন, ১০ জুলাই (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ফিলিপাইনছকে ধৰি আৰু ছখন দেশৰ ওপৰত গুৰু আমদানি শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে । বুধবাৰে এই দেশসমূহৰ নেতাসকললৈ প্ৰেৰণ কৰা আনুষ্ঠানিক পত্ৰত ট্ৰাম্পে কয় যে ০১ আগষ্টৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই শুল্কসমূহত লিবিয়া, ইৰাক আৰু আলজেৰিয়াৰ পৰা অহা আমদানিৰ ওপৰত ৩০%, মলদোভা আৰু ব্ৰুনাইৰ ওপৰত ২৫%, আৰু ফিলিপাইনছৰ ওপৰত ২০% শুল্ক আৰোপ কৰা হ’ব।
এই পদক্ষেপৰ জৰিয়তে এই সপ্তাহত নতুন শুল্ক হাৰৰ ফলত ক্ষতিগ্ৰস্ত হোৱা দেশসমূহৰ সংখ্যা ২০খনলৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বেও ট্ৰাম্প প্ৰশাসনে কম্বোডিয়া, থাইলেণ্ড, বাংলাদেশ, ইণ্ডোনেছিয়া, জাপান, দক্ষিণ কোৰিয়াকে ধৰি বহু দেশৰ ওপৰত শুল্ক বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰিছিল।
ট্ৰাম্পে কেবিনেট বৈঠকত স্পষ্ট কৰি দিয়ে যে ১ আগষ্টৰ সময়সীমা চূড়ান্ত আৰু এই শুল্ক সন্দৰ্ভত অধিক আলোচনাৰ কোনো পৰিসৰ নাই। অৱশ্যে তেওঁ লগতে কয় যে যদি কোনো দেশে আলোচনা কৰিব বিচাৰে তেন্তে ০১ আগষ্টৰ পূৰ্বে চুক্তিত উপনীত হ’ব পাৰে।
ট্ৰাম্পে তেওঁৰ পত্ৰখনত এই কথাও সকীয়াই দিছে যে “তেওঁলোকে (অন্য দেশসমূহে) যিমানেই শুল্ক বৃদ্ধি কৰিব সিমানেই আমি আমাৰ শুল্ক বৃদ্ধি কৰিম।”
উল্লেখযোগ্য যে চলিত বৰ্ষৰ এপ্ৰিল মাহত ট্ৰাম্প প্ৰশাসনে তথাকথিত “পাৰস্পৰিক শুল্ক” (প্ৰতিযোগিতামূলক শুল্ক) ঘোষণা কৰিছিল, যিটো ৯০ দিনৰ বাবে পিছুৱাই দিয়া হৈছিল। ০৭ জুলাইত স্বাক্ষৰিত কাৰ্যবাহী আদেশ অনুসৰি আমেৰিকাৰ সৈতে প্ৰত্যক্ষ বাণিজ্যিক চুক্তি কৰা দেশসমূহৰ বাহিৰে এতিয়া এইবোৰ ০১ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব। এতিয়ালৈকে আমেৰিকাই ইংলেণ্ড আৰু ভিয়েটনামৰ সৈতে বাণিজ্যিক চুক্তি আৰু চীনৰ সৈতে কাঠামোগত চুক্তি কৰিছে, যাৰ ফলত এই দেশসমূহক আপাততঃ শুল্কত সকাহ দিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
