ধুবুৰী, ১৮ ফেব্ৰুৱাৰী : ধুবুৰী জিলাৰ বিলাসীপাৰাত শনিবাৰে সন্ধিয়া ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত থিতাতে নিহত হয় এগৰাকী মহিলা। মৃত মহিলা গৰাকী বিলাসীপাৰাৰ বাঙালীপাৰা ১ম খণ্ড গাঁৱৰ বাসিন্দা বুলি জনিব পৰা গৈছে। বিলাসীপাৰা ১৭নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।
কোকৰাঝাৰৰ পৰা ধুবুৰী অভিমুখে বিদ্যুতৰ তাৰ ভৰ্তি বলেৰো বাহনে মহতিয়াই নিয়ে মহিলা গৰাকীক। বলোৰো বাহখনে তীব্ৰ গতিৰ বাবেই সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে বলেৰো বাহখনৰ চালকজন । দুৰ্ঘটনা গ্ৰস্থ বলেৰো বাহন খনৰ নম্বৰ ডব্লিউবি ৫১ চি ৪৮৪৯ বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি বিলাসীপাৰা আদৰ্শ চিকিৎসালয় লৈ যায়। পিছত মৰোন্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজত প্ৰেৰণ কৰে।
