
ৱাশ্বিংটন/তেহৰাণ/টেল আভিভ, ২৪ জুন (হি.স.)। ইজৰাইলৰ সৈতে যুদ্ধত লিপ্ত ইৰাণে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কথাৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই। দুয়োখন দেশ যুদ্ধবিৰতিৰ বাবে সন্মতি দিয়া বুলি ট্ৰাম্পৰ দাবীক আওকাণ কৰি ইৰাণে আজি পুৱা বেলিষ্টিক মিছাইলেৰে ইজৰাইলক আক্ৰমণ কৰে। ইজৰাইলৰ বহু চহৰত আক্ৰমণৰ পূৰ্বে চাইৰেন বাজিছে।
ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে কিছুদিন পূৰ্বে স্বীকাৰ কৰিছিল যে ইৰাণে ইয়াৰ ওপৰত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছে। এই কাৰণেই চাইৰেন বাজিছে। ইজৰাইলৰ দ্য টাইমছত প্ৰকাশিত এক বাতৰি অনুসৰি ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছত ইৰাণে বেলিষ্টিক মিছাইলেৰে ইজৰাইলক আক্ৰমণ কৰিছে। এই আক্ৰমণত কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই।
ইৰাণৰ মেহৰ নিউজ এজেন্সীৰ মতে, ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে এক্সত লিখিছে, এতিয়ালৈকে যুদ্ধবিৰতি বা সামৰিক অভিযানৰ অন্ত পেলোৱাৰ ক্ষেত্ৰত কোনো চুক্তি হোৱা নাই। ইজৰাইলে তেহৰাণৰ সময় অনুসৰি পুৱা ৪ বজাৰ আগতে আক্ৰমণ বন্ধ কৰিলে আমি যুদ্ধ বন্ধ কৰিম। তাৰ পিছত সামৰিক সংঘাতৰ অন্ত পেলোৱাৰ চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।
তেহৰাণ টাইমছৰ মতে, ইৰাণৰ সংসদৰ অধ্যক্ষৰ উপদেষ্টা মাহদি মহম্মদীয়ে এক্সত লিখিছে যে, আমেৰিকা আৰু ইজৰাইলে মিছা কথা কৈছে। তেওঁলোকে বিচাৰে ইৰাণে নিজৰ সতৰ্কতা কম কৰক যাতে তেওঁলোকে উত্তেজনা বৃদ্ধি কৰিব পাৰে। ইৰাণ-ইজৰাইল যুদ্ধ ১৩ জুনত আৰম্ভ হৈছিল। ইৰাণীসকলে ৱাশ্বিংটনৰ সৈতে ষষ্ঠ ৰাউণ্ডৰ আলোচনাত অংশগ্ৰহণ কৰিবলৈ সাজু হোৱাৰ সময়তে ইৰাণৰ আৱাসিক ভৱন আৰু পাৰমাণৱিক স্থানত অভূতপূৰ্ব আক্ৰমণ চলাইছিল।’
দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলে প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে সোমবাৰে নিশা কয় যে ইজৰাইল আৰু ইৰাণে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে । ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে মঙলবাৰৰ পিছত পৰ্যায়ক্ৰমে যুদ্ধবিৰতি কাৰ্যকৰী হ’ব। ইফালে গোটেই নিশা যুদ্ধ চলি থাকিল। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে কয় যে তেহৰাণত বিস্ফোৰণৰ মাজতে বায়ু প্ৰতিৰক্ষা ব্যৱস্থা বিস্ফোৰণ ঘটিছে। আনহাতে ইৰাণৰ পৰা উৎক্ষেপণ কৰা এখন ড্ৰ’ন ধ্বংস কৰা বুলি ইজৰাইলৰ সেনাই জানিবলৈ দিয়ে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
