পাটনা, ২৪ জুন (হি.স.)। আজি বিহাৰৰ ৰাজধানী পাটনাৰ তাজ হোটেলত অনুষ্ঠিত হ’বলগীয়া শক্তি খণ্ডৰ ক্ষেত্ৰিয় সন্মিলনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। পূব ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ শক্তি মন্ত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীত কেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লালে সভাপতিত্ব কৰিব ।
এই সন্মিলনত অংশগ্ৰহণ কৰিব বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিম বংগ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান-নিকোবৰৰ শক্তি মন্ত্ৰীসকলে। বিহাৰক প্ৰতিনিধিত্ব কৰিব শক্তি মন্ত্ৰী বিজেন্দ্ৰ প্ৰসাদ যাদৱে। ইয়াৰ পূৰ্বে এই সন্মিলন ১৭ জুনত অনুষ্ঠিত হ’বলগীয়া আছিল।প্ৰশাসনিক কাৰণত ২৪ জুনত পুনৰ নিৰ্ধাৰণ কৰা হৈছিল। শক্তি সচিব মনোজ কুমাৰ সিঙে কয় যে শক্তি খণ্ডৰ সৈতে জড়িত বহু গুৰুত্বপূৰ্ণ আৰু কৌশলগত বিষয় এই সন্মিলনত আলোচনা কৰা হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
