
টেল আভিভ, ২২ জুন (হি.স.)। ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা সামৰিক সংঘাতত আমেৰিকাৰ প্ৰৱেশৰ লগে লগে পৰিস্থিতি যেন অধিক অৱনতি হৈ পৰিছে। শনিবাৰে নিশা ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাৰ আক্ৰমণৰ পিছত ইৰাণে প্ৰত্য়াক্ৰমণ কৰে আৰু টেল আভিভ আৰু হাইফাৰ দৰে ইজৰাইলৰ দহটা স্থানক লক্ষ্য কৰি লয়। য’ত কমেও ৮৬ জন লোক আহত হয়। ইৰাণৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ইজৰাইলৰ বিমানবন্দৰ কৰ্তৃপক্ষই ইজৰাইলৰ আকাশমাৰ্গ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে।
দেওবাৰে পুৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ পাৰমাণৱিক প্ৰকল্পত হোৱা অভাৱনীয় আক্ৰমণৰ বিষয়ে বিশ্ববাসীৰ আগত প্ৰকাশ কৰে। দেশবাসীক সম্বোধন কৰি ট্ৰাম্পে কয় যে ফৰ্ডো, নাটাঞ্জ আৰু ইছফাহানকে ধৰি ইৰাণৰ তিনিটা পাৰমাণৱিক ঘাটিত সফল আক্ৰমণ চলোৱা হৈছে আৰু আমেৰিকাৰ সকলো বিমান এতিয়া ইৰাণৰ আকাশমাৰ্গৰ বাহিৰত।
প্ৰতিশোধৰ ক্ষেত্ৰত আৰু ভয়াৱহ আক্ৰমণ: ট্ৰাম্প
ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰৰ ওপৰত আমেৰিকাৰ এই আক্ৰমণ দেওবাৰে পুৱা ভাৰতীয় সময় অনুসৰি পুৱা ৪:৩০ বজাত সংঘটিত হয়। ইয়াৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে এই সামৰিক অভিযান সন্দৰ্ভত দেশখনক সম্বোধন কৰি কয় যে ইৰাণে এতিয়া শান্তি প্ৰতিষ্ঠা কৰিব লাগে। যদি তেওঁলোকে তেনে নকৰে তেন্তে ভৱিষ্যতৰ আক্ৰমণ বহুত ডাঙৰ হ’ব। ইয়াৰ পিছত ইজৰাইলে মুকলিকৈ আমেৰিকাৰ প্ৰশংসা কৰে।
শক্তিৰ জৰিয়তে শান্তি: নেতান্য়াহু
দ্য টাইমছ অৱ ইজৰাইলৰ মতে, দেওবাৰে পুৱা ইৰাণৰ পাৰমাণৱিক প্ৰতিষ্ঠানত আমেৰিকাৰ আক্ৰমণৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক “শক্তিৰ জৰিয়তে শান্তি” অনাৰ বাবে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্য়াহুৱে ধন্যবাদ জনায়। তেওঁ কয়, ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু মই প্ৰায়ে শক্তিৰ জৰিয়তে শান্তি কওঁ। প্ৰথমে শক্তি আহে, তাৰ পিছত শান্তি। আজি ৰাতি ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু আমেৰিকাই অতি শক্তিৰে কাম কৰিলে।
ইৰাণৰ সকলো বিকল্প মুকলি: বৈদেশিক মন্ত্ৰী আৰাঘচি
ইৰাণে নিজৰ তিনিটা পাৰমাণৱিক ঘাটিত আমেৰিকাৰ আক্ৰমণক গৰিহণা দি ৰাষ্ট্ৰসংঘৰ চনদ উলংঘা বুলি অভিহিত কৰিছে। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে আমেৰিকাই ইৰাণৰ শান্তিপূৰ্ণ পাৰমাণৱিক প্ৰতিষ্ঠানক আক্ৰমণ কৰি ৰাষ্ট্ৰসংঘৰ চনদ, আন্তঃৰাষ্ট্ৰীয় আইন আৰু এন পি টি গুৰুতৰভাৱে উলংঘা কৰিছে। এইবোৰৰ দীৰ্ঘম্যাদী পৰিণতি হ’ব আৰু ৰাষ্ট্ৰসংঘৰ প্ৰতিজন সদস্যই এই অত্যন্ত বিপজ্জনক, বিশৃংখল আৰু অপৰাধমূলক আচৰণক লৈ চিন্তিত হোৱা উচিত। আব্বাছ আৰাঘচিয়ে লিখিছে যে ইৰাণৰ হাতত নিজৰ সাৰ্বভৌমত্ব, স্বাৰ্থ আৰু জনসাধাৰণক সুৰক্ষিত কৰাৰ সকলো বিকল্প আছে।
ইজৰাইলৰ ওপৰত ইৰাণৰ প্ৰত্যাক্ৰমণ
ইয়াৰ বিৰুদ্ধে আমেৰিকাৰ পদক্ষেপত ক্ষুব্ধ হৈ ইৰাণে কেইঘণ্টামানৰ ভিতৰতে ইজৰাইলৰ ওপৰত ধাৰাবাহিকভাৱে ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাই টেল আভিভ আৰু হাইফাকে ধৰি প্ৰায় ১০টা স্থানক লক্ষ্য কৰি লয়। ইজৰাইলৰ টাইমছৰ তথ্য অনুসৰি ইৰাণৰ আক্ৰমণত কমেও ৮৬ জন লোক আহত হৈছে। ইৰাণৰ বিমান আক্ৰমণৰ সময়ত ইজৰাইলত সতৰ্কবাণীমূলক ছাইৰেন বাজিবলৈ আৰম্ভ কৰে আৰু জনসাধাৰণৰ মাজত আতংক বিয়পি পৰে। ইৰাণে আক্ৰমণ তীব্ৰতৰ কৰাৰ পিছত ইজৰাইলৰ বিমানবন্দৰ কৰ্তৃপক্ষই ইজৰাইলৰ আকাশমাৰ্গ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে। ইজৰাইলৰ প্ৰধান বিমান সংস্থা এল আল ইজৰাইল এয়াৰলাইন্স আৰু আৰ্কিয়া এয়াৰলাইন্সে পৰৱৰ্তী জাননী নিদিয়ালৈকে সকলো উদ্ধাৰ আৰু নিয়মীয়া বিমান সেৱা বন্ধ কৰি দিছে।
উল্লেখযোগ্য যে ১৩ জুনত ইজৰাইলে অপাৰেচন ৰাইজিং লাইন আৰম্ভ কৰি ইৰাণৰ পাৰমাণৱিক ঘাটিত আক্ৰমণ চলাইছিল। যাৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণে ইজৰাইলৰ বহু চহৰত ব্যাপক আক্ৰমণ চলায়। এতিয়া যোৱা নিশা এই সামৰিক সংঘৰ্ষত আমেৰিকা জড়িত হোৱাৰ পিছত অঞ্চলটোৰ পৰিস্থিতি ক্ৰমাগতভাৱে অৱনতি ঘটিছে, যিটোক লৈ ৰাষ্ট্ৰসংঘইও উদ্বেগ প্ৰকাশ কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
