
ডেৰাডুন, ২২ জুন (হি.স.)। উত্তৰ প্ৰদেশৰ চাহাৰনপুৰৰ পৰা ডেৰাডুনলৈ অহা এখন গাড়ীয়ে দেওবাৰে পুৱা ক্লেমেণ্টাউন আৰক্ষী থানাৰ অন্তৰ্গত আছাৰদীৰ সমীপত চিমেণ্ট ভৰ্তি ট্ৰলীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। এই দুৰ্ঘটনাত হাৰিয়ানাৰ ০৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে এজন লোক গুৰুতৰভাৱে আহত হৈছে।
আৰক্ষীৰ মতে, প্ৰায় ৩ বজাত সংঘটিত হয় এই ঘটনা। চাহাৰাণপুৰৰ পৰা ডেৰাডুনলৈ আহি আছিল এইচ আৰ ৪২ ই-২৭০১ নম্বৰৰ মাৰুতি ৰিটজ গাড়ীখন। ইফালে আছাৰদীৰ সমীপত বিপৰীত ফালৰ পৰা অহা এইচ আৰ-৬৩ এফ-৫৩৫৩ নম্বৰৰ চিমেণ্ট ভৰ্তি ট্ৰলীৰ সৈতে সংঘৰ্ষ হয় গাড়ীখনৰ। দুৰ্ঘটনাত গাড়ীখনত থকা পাঁচোজন লোক গুৰুতৰভাৱে আহত হয়। সকলোকে ১০৮ৰ জৰিয়তে ক’ৰ’নেচন/ডুন হাস্পতাললৈ প্ৰেৰণ কৰা হয়, য’ত চিকিৎসকে ০৪জন লোকক মৃত ঘোষণা কৰে।
হাৰিয়ানাৰ জিলা শোনিপত পূৰ্খাছ ধীৰাণ নিবাসী অজিতৰ পুত্ৰ অংকুশ, হাৰিয়ানাৰ জিলা শোনিপত পুৰখাছ ধীৰণ নিবাসী জয়াৰৰ পুত্ৰ পাৰস, হাৰিয়ানাৰ জিলা শোনিপত পুৰখাছ ধীৰাণ নিবাসী বিজয় পুত্ৰ বিনয়, খেদি তহচিল ৰোহটক হাৰিয়ানা বাসিন্দা নৰেশ পুত্ৰ নবীন, অংকিত পুত্ৰ হাৰিয়ানাৰ জিলা জিন্দৰ তহচিল জুলানা মেৰিডা নিবাসী ৰাজেশ। বিজয়ৰ পুত্ৰ বিনয় নিবাসী পূৰ্খাছ ধীৰাণ জিলা শোনিপত হাৰিয়ানাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
আৰক্ষীয়ে মৃত আৰু আহতসকলৰ পৰিয়ালক অৱগত কৰিছে। একে সময়তে ট্ৰলীখনৰ চালক শ্বেখপুৰা কাদীম থানাৰ দেহাত কোতৱালি চহাৰণপুৰ জিলাৰ চহাৰনপুৰৰ বাসিন্দা জুলফিকৰৰ পুত্ৰ আফতাবক এই ঘটনাৰ সন্দৰ্ভত সোধা-পোছা কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
