নতুন দিল্লী, ২২ জুন (হি.স.)। ঘৰুৱা শ্বেয়াৰ বজাৰত যোৱা ব্যৱসায়িক সপ্তাহত ক্ৰয়-বিক্ৰয়ৰ বাবে দেশৰ শীৰ্ষ ১০ টা সৰ্বাধিক মূল্যৱান কোম্পানীৰ ভিতৰত ৬ টা কোম্পানীৰ মাৰ্কেট কেপ ১.৬২ লাখ কোটি টকাতকৈও অধিক বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত ভাৰতী এয়াৰটেল আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে সৰ্বাধিক লাভ কৰে। এই সপ্তাহত শীৰ্ষ ১০ টা কোম্পানীৰ ৪ টা কোম্পানীৰ মাৰ্কেট কেপ ২৬ হাজাৰ কোটি টকাতকৈও অধিক হ্ৰাস পাইছে। ইয়াৰ ভিতৰত সৰ্বাধিক লোকচান হৈছে বাজাজ ফাইনেন্স।
এই সপ্তাহৰ ব্যৱসায়ৰ সময়ছোৱাত ভাৰতী এয়াৰটেল, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, এইচডিএফচি বেংক, আইচিআইচিআই বেংক, ষ্টেট বেংক অৱ ইণ্ডিয়া (এছবিআই) আৰু ইনফ’ছিছৰ মাৰ্কেট কেপ ১,৬২,২৮৮.০৬ কোটি টকা বৃদ্ধি পাইছে। আনহাতে, বাজাজ ফাইনেন্স, টাটা কনছালটেন্সি চাৰ্ভিচেছ (টিচিএছ), ভাৰতীয় জীৱন বীমা নিগম (এলআইচি) আৰু হিন্দুস্তান ইউনিলিভাৰৰ মাৰ্কেট কেপ ২৬,৯৩২.৭৮ কোটি টকা হ্ৰাস পাইছে।
১৬ জুনৰ পৰা ২০ জুনৰ ভিতৰত ব্যৱসায়িক সময়ছোৱাত ভাৰতী এয়াৰটেলৰ মাৰ্কেট কেপ ৫৪,০৫৫.৯৬ কোটি টকা জপিয়াই ১১,০৪,৪৬৯.২৯ কোটি টকা হয়। একেদৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মাৰ্কেট কেপ ৫০,০৭০.১৪ কোটি টকা বৃদ্ধি পাই ১৯,৮২,০৩৩.৬০ কোটি টকা হয়। ইয়াৰ উপৰিও এইচ ডি এফ চি বেংকৰ মাৰ্কেট কেপ ৩৮,৫০৩.৯১ কোটি টকা জপিয়াই ১৫,০৭,২৮১.৭৯ কোটি টকা, ইনফ’ছিছৰ মাৰ্কেট কেপ ৮,৪৩৩.০৬ কোটি টকা বৃদ্ধি পাই ৬,৭৩,৭৫১.০৯ টকা, আই চি আই চি আই বেংকৰ মাৰ্কেট কেপ ৮,০১২.১৩ কোটি টকা জপিয়াই ১০,১৮,৩৮৭.৭৬ কোটি টকা আৰু ভাৰতীয় ষ্টেট বেংকৰ মাৰ্কেট কেপ ৩,২১২.৮৬ কোটি টকা বৃদ্ধি পাই ৭,১০,৩৯৯.৭৫ কোটি টকা হয়।
আনহাতে বাজাজ ফাইনেন্সৰ মাৰ্কেট কেপ ১৭,৮৭৬.৪২ কোটি টকা হ্ৰাস পাই ৫,৬২,১৭৫.৬৭ কোটি টকা হৈছে। একেদৰে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ মাৰ্কেট কেপ ৪,৬১৩.০৬ কোটি টকা হ্ৰাস পাই ১২,৪২,৫৭৭.৮৯ কোটি টকা হৈছে। ইয়াৰ উপৰিও হিন্দুস্তান ইউনিলিভাৰৰ মাৰ্কেট কেপ ৩,৩৩৬.৪২ কোটি টকা হ্ৰাস পাই ৫,৪১,৫৫৭.২৯ কোটি আৰু ভাৰতীয় জীৱন বীমা নিগমৰ মাৰ্কেট কেপ ১১০৬.৮৮ কোটি টকা হ্ৰাস পাই ৫,৯২,২৭২.৭৮ কোটি টকা হয়।
মাৰ্কেট কেপৰ ক্ষেত্ৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ বজাৰ মূলধন ১৯,৮২,০৩৩.৬০ কোটি টকাৰে দেশৰ সৰ্বোচ্চ মাৰ্কেট কেপ কোম্পানী আছিল। ইয়াৰ পিছত এইচ ডি এফ চি বেংক (মুঠ মাৰ্কেট কেপ ১৫,০৭,২৮১.৭৯ কোটি টকা), টি চি এছ (মুঠ মাৰ্কেট কেপ ১২,৪২,৫৭৭.৮৯ কোটি টকা), ভাৰতী এয়াৰটেল (মুঠ মাৰ্কেট কেপ ১১,০৪,৪৬৯.২৯ কোটি টকা), আই চি আই চি আই বেংক (মুঠ মাৰ্কেট কেপ ১০,১৮,৩৮৭.৭৬ কোটি টকা), ষ্টেট বেংক অৱ ইণ্ডিয়া (মুঠ মাৰ্কেট কেপ ৭,১০,৩৯৯.৭৫ কোটি টকা), ইনফ’ছিছ (মুঠ বজাৰ মূল্য ৬,৭৩,৭৫১.০৯ কোটি টকা), ভাৰতীয় জীৱন বীমা নিগম (এল আই চি) (মুঠ বজাৰ মূল্য ৫,৯২,২৭২.৭৮ কোটি টকা), বাজাজ ফাইনেন্স (মুঠ বজাৰ মূল্য ৫,৬২,১৭৫.৬৭ কোটি টকা) আৰু হিন্দুস্তান ইউনিলিভাৰ (মুঠ বজাৰ মূল্য ৫,৪১,৫৫৭.২৯ কোটি) সৰ্বাধিক মূল্যৱান শীৰ্ষ ১০ কোম্পানীৰ তালিকাত দ্বিতীয়ৰ পৰা দশম স্থানত থাকে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
