এই মুহূৰ্তত বাতৰিৰ শিৰোনাম দখল কৰিছে বিগ বছ অ’টিটি ২ৰ বিজয়ী এলভিছ যাদৱ। কিছুদিন আগতে ড্ৰাগছৰ গোচৰত তেওঁৰ নাম আহিছিল। এই কথা শুনি অনুৰাগীসকল আচৰিত হৈ পৰে। এতিয়া পোহৰলৈ আহিছে যে এলভিছে এজন ইউটিউবাৰক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল। এলভিছৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।
পোহৰলৈ আহিছে যে এলভিছে গুৰুগ্ৰামৰ জনপ্ৰিয় ইউটিউবাৰ সাগৰ ঠাকুৰ ওৰফে মেক্সটাৰ্ণক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল। শেহতীয়াকৈ ইউটিউবাৰ মেক্সটাৰ্নে ছ’চিয়েল মিডিয়াত এলভিছ যাদৱে তেওঁক আক্ৰমণ কৰাৰ লগতে হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে। কিন্তু এই কথা কোনেও বিশ্বাস কৰা নাছিল। গতিকে এতিয়া মেক্সটাৰ্নে এই প্ৰহাৰৰ চিচিটিভি ফুটেজ শ্বেয়াৰ কৰিছে। যাৰ বাবেই ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি হৈছে।
ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত এলভিছে তেওঁৰ ৮ৰ পৰা ১০জন বন্ধুৰ সৈতে মেক্সটাৰ্নৰ ওচৰলৈ আহে আৰু তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰা দেখা যায়। ভিডিঅ’টোত দেখা গৈছে যে মাৰপিটৰ ফলত মেক্সটাৰ্ন আঘাতপ্ৰাপ্ত হৈছে। এই ভিডিঅ’টোৰ পিছত এলভিছক টুইটাৰত ট্ৰ’ল কৰা হৈছে। হেচটেগ গুণ্ডা বৰ্তমান ট্ৰেণ্ডিং হৈ আছে। এলভিছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী।
কিছুদিন পূৰ্বে এলভিছ যাদৱ আৰু মুনাৱাৰ ফাৰুকীক একেলগে ক্ৰিকেট খেলত দেখা গৈছিল। ইয়াৰ বাবে মেক্সটাৰ্নে এলভিছক ঠাট্টা কৰিছিল। মেকষ্টাৰনে টুইটাৰত এলভিছ আৰু মুনাৱাৰৰ কেইবাটাও ভিডিঅ’ আৰু ছবি পোষ্ট কৰি “বিগ বছ অ’টিটি ২”ৰ বিজয়ীৰ বিৰুদ্ধে মাত মাতিছিল। এই কথাই এলভিছক ক্ষুব্ধ কৰি তুলিলে।
কিছুদিন পূৰ্বে জয়পুৰৰ এখন ৰেষ্টুৰেণ্টত তেওঁৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। য’ত এলভিছে এজন ব্যক্তিক ঘোচা মাৰি থকা দেখা গৈছিল। ইয়াৰ পিছত এই ভিডিঅ’টো চোৱাৰ পিছত নেটিজেনসকলে ক্ষোভ প্ৰকাশ কৰিছে। এলভিছক গ্ৰেপ্তাৰ কৰাৰ দাবী উঠিছে।
