উত্তৰকাশী সুৰংগত ১৭ দিন আবদ্ধ হৈ থকা শ্ৰমিকসকলক নিৰাপদে উদ্ধাৰ কৰাৰ পিছতে অক্ষয় কুমাৰ, ৰিতেশ দেশমুখ, অনুপম খেৰ, অভিষেক বচ্চন, জেকী শ্ৰফ আৰু বলীউডৰ অভিনেতাসকলে আনন্দ প্ৰকাশ কৰিছে।
অক্ষয় কুমাৰে সুৰংগৰ পৰা ওলাই অহা শ্ৰমিকৰ ফটো শ্বেয়াৰ কৰে। তেওঁ লিখিছে, সুৰংগটোত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক উদ্ধাৰ কৰি মই অতি সুখী আৰু সকাহ পাইছো। উদ্ধাৰকাৰী দলৰ প্ৰতিজন সদস্যলৈ মোৰ প্ৰণাম। আপোনালোক সকলোৱে বৰ ভাল কাম কৰিলে। এইখনেই নতুন ভাৰত আৰু আমি সকলোৱে ইয়াৰ বাবে গৌৰৱ অনুভৱ কৰো। জয় হিন্দ।
উত্তৰাখণ্ড সুৰংগৰ পৰা উদ্ধাৰ হোৱা শ্ৰমিকৰ সন্দৰ্ভত অভিষেক বচ্চনে কয় যে, উত্তৰকাশী সুৰংগত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক ৰক্ষা কৰাৰ বাবে সকলো উদ্ধাৰ কৰ্মী আৰু সকলো সংস্থালৈ ধন্যবাদ আৰু মোৰ প্ৰণাম। জয় হিন্দ।
ৰিতেশ দেশমুখে টুইটাৰত এই উদ্ধাৰ কামৰ ফটো শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে, “ভাল কাম কৰিলা!!! যোৱা ১৭ দিন ধৰি আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে ২৪ ঘণ্টাই অক্লান্তভাৱে কাম কৰা আমাৰ উদ্ধাৰকাৰী দলটোক চেলুট। এয়া পৰিয়াল আৰু দেশৰ প্ৰাৰ্থনাৰ ফল…গণপতি বাপ্পা মৰ্যা।”
অভিনেতা জেকী শ্ৰফেও সংস্থাসমূহক ধন্যবাদ জনায়। তেওঁ লিখিছে, “উত্তৰকাশী সুৰংগৰ পৰা ৪১ জন শ্ৰমিকক উদ্ধাৰ কৰা হৈছে। এনডিআৰএফ,বিআৰও, ইণ্ডিয়ান আৰ্মি, এয়াৰ ফোৰ্চ,এনএইচআডিচিএল, এছজেভিএনএল, টিএইছএফচিএল, আৰভিএনএল, ওএমজিচি, কোল ইণ্ডিয়া আদিকে ধৰি উদ্ধাৰ অভিযানৰ বাবে দিনে-নিশাই কাম কৰা সংস্থাসমূহক আন্তৰিক ধন্যবাদ।
বলীউডৰ অভিনেতা অনুপম খেৰেও উত্তৰকাশী টানেল ৰেচকিউৰ ছবিখন শ্বেয়াৰ কৰে। এই ফটোখনৰ কেপচনত তেওঁ লিখিছে “ভাৰত মাতা কি জয়” ৷
হিন্দুস্থান সমাচাৰ/লোকেশ চন্দ্ৰ/মনোজ
