ইম্ফল, ১০ মাৰ্চ : মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত আছে। গোপন তথ্যৰ ভিত্তিত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে শনিবাৰে চূৰাচান্দপুৰ আৰু কাঙপোকপি জিলাৰ বিভিন্ন স্থানৰ পৰা বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰিছে। কাঙপোকপি জিলাত অভিয়ান চলাই মেগজিন সহ আমেৰিকাত নিৰ্মিত এটা এম১৬ ৰাইফল, এটা ১২ ব’ৰ বেৰেল গান, এটা হেণ্ড গ্ৰেণেড, ১২ ব’ৰ বেৰেল গানৰ ৩৩ টা সতেজ কাৰ্টিজ, ছয়টা ৫.৫৬ এম এমৰ গুলি সহ যথেষ্ট বাৰূদ জব্দ কৰে নিৰাপত্তা বাহিনীয়ে।
ইফালে, চূৰাচান্দপুৰ জিলাত চলোৱা আন এক অভিযানত ১১টা এচবিবিএল বন্দুক, মেগজিন সহ এটা নাইন এম এম পিস্তল, ৩ টা ইম্প্ৰোভাইজড হেভি মৰ্টাৰ গান, ৪টা শক্তিশালী বোমা আৰু,৭.৬২ এম এম ৰ ১৭ টা সতেজ গুলি উদ্ধাৰ কৰে নিৰাপত্তা বাহিনীয়ে।
