নতুন দিল্লী, ২৮ ফেব্ৰুৱাৰী : আজি (বুধবাৰে) ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টিয়ে সকলো বিজ্ঞানীক অভিনন্দন জ্ঞাপন কৰে। ভাৰতৰ মহান বিজ্ঞানী চি ভি ৰমনৰ ছবিৰ সৈতে বিজেপিয়ে নিজৰ এক্স হেণ্ডেলত শুভেচ্ছা বাৰ্তা শ্বেয়াৰ কৰিছে।
বিজেপিয়ে লিখিছে, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত সকলো বিজ্ঞানী আৰু বিজ্ঞানপ্ৰেমীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।লক্ষণীয় যে দেশত প্ৰতি বছৰে ২৮ ফেব্ৰুৱাৰীক ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়। এইবাৰ এই দিৱসটো বহনক্ষম ভৱিষ্যতৰ বাবে বিজ্ঞান বিষয়ক লৈ উদযাপন কৰা হৈছে। আজিৰ দিনটোতে দেশৰ মহান বিজ্ঞানী চি ভি ৰমনে ৰমন ইফেক্ট আৱিষ্কাৰ কৰে।
