অভিনেতা শ্বাহিদ কাপুৰ আৰু কৃতি ছাননৰ অনুৰাগীৰ অপেক্ষাৰ অন্ত পৰিল। অ’টিটি প্লেটফৰ্মত মুক্তি লাভ কৰিছে ‘তেৰী বাতো মে এইছা উলঝা জিয়া’ ছবিখন। এইখন এখন কল্পবিজ্ঞান ৰোমান্টিক কমেডী ছবি। যোৱা ৯ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি পোৱা ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিছিল। প্ৰেক্ষাগৃহত মুক্তি পোৱাৰ পিছত এতিয়া অ’টিটিত মুক্তি দিয়া হৈছে। ঘৰতে এই ছবিখন চাবলৈ পাই অনুৰাগীসকল অতিশয় উৎসাহিত হৈ পৰিছে।
আজি ৫ এপ্ৰিলৰ পৰা অ’টিটি প্লেটফৰ্মত প্ৰচাৰ কৰা হৈছে ‘তেৰী বাতো মে এইছা উলঝা জিয়া’। ছবিখনৰ অ’টিটি ৰাইটছ অধিগ্ৰহণ কৰিছে আমাজন প্ৰাইম ভিডিঅ’ই। এতিয়া ছবিখন অ’টিটিত উপলব্ধ হৈছে যিসকল দৰ্শকে ছবিগৃহত চোৱাৰ সুযোগ হেৰুৱাইছিল, এতিয়া ঘৰতে চাব পাৰিব। শেহতীয়াকৈ শ্বাহিদ কাপুৰে ‘তেৰী বাতো মেই এইছা উলঝা জিয়া’ ছবিৰ অ’টিটিত মুক্তিৰ সন্দৰ্ভত এটা পোষ্ট শ্বেয়াৰ কৰিছে। এই পোষ্টটোত তেওঁ লিখিছে, ‘এটা প্ৰেম কাহিনী যিয়ে আপোনাৰ প্ৰেম কাহিনীৰ সংজ্ঞা পুনৰ প্ৰতিষ্ঠা কৰিব!’
শ্বাহিদ কাপুৰ আৰু কৃতি ছাননৰ নতুন যুটিক প্ৰথমবাৰৰ বাবে পৰ্দাত দেখা যাব ‘তেৰী বাতো মেই আইছা উলঝা জিয়া’ ছবিত। ছবিখনৰ গান আৰু পোষ্টাৰ দুয়োটা আচৰিত। ছবিখনত কৃতিয়ে চিফ্ৰা নামৰ ৰবটৰ চৰিত্ৰত অভিনয় কৰিছে। ছিফ্ৰা হৈছে বেটাৰী চালিত ৰবট। ৰবটিক্স বিশেষজ্ঞৰ চৰিত্ৰত অভিনয় কৰিছে শ্বাহিদ কাপুৰে। ইয়াৰ উপৰিও ধৰ্মেন্দ্ৰ, ডিম্পল কাপাদিয়া, ৰাকেশ বেদীও ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ‘তেৰি বাতো মেই এইছা উলঝা জিয়া’ৰ পৰিচালক অমিত যোশী আৰু আৰাধনা শ্বাহ।
