– তিনিখন বৃহৎ ছবিৰ সৈতে কঠোৰ প্ৰতিযোগিতা
ছুপাৰষ্টাৰ মামুটীৰ মালয়ালম ছবি ‘কালামকাভাল’ৰ বাবে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছিল দৰ্শকে। ইয়াৰ মুক্তিৰ তাৰিখ কেইবামাহো পিছুৱাই দিয়া হৈছে যদিও এতিয়া অৱশেষত অপেক্ষাৰ অন্ত পৰিল। ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি ছবিখনৰ নতুন মুক্তিৰ তাৰিখ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে প্ৰযোজকসকলে। ছবিখনৰ পৰিচালক জিথিন কে জোচে।
‘কলমকাভাল’ প্ৰথমে ২৭ নৱেম্বৰত মুক্তি পোৱাৰ পৰিকল্পনা আছিল যদিও পিছত স্থগিত ৰখা হয়। এতিয়া মামুটিৰ প্ৰডাকচন হাউচ মেমুটি কোম্পানীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, আমি জানো যে আপুনি বহু সময় অপেক্ষা কৰি আছে… ইয়াৰ মূল্য থাকিব… ‘কালামকাভাল’, ২০২৫ চনৰ ৫ ডিচেম্বৰৰ পৰা বিশ্বজুৰি ছবিগৃহত। শান্ত হৈ থাকক আৰু অপেক্ষা কৰক… এই ঘোষণাৰ লগে লগে অনুৰাগীসকলে সকাহ আৰু উত্তেজনা দুয়োটা প্ৰকাশ কৰে।
৫ ডিচেম্বৰ বক্স অফিচৰ বাবে অতি আকৰ্ষণীয় দিন হ’ব, কিয়নো একেদিনাই মুক্তি পাব মামুটীৰ “কালামকাভাল”ৰ লগতে ৰণবীৰ সিঙৰ “ধুৰন্ধৰ” আৰু নন্দমুৰি বালকৃষ্ণৰ “অখণ্ড ২”। ইয়াৰ ফলত তিনিওখন ছবিৰ মাজত কঠোৰ প্ৰতিযোগিতাৰ সৃষ্টি হ’ব। প্ৰযোজকসকলে দাবী কৰে যে কালামকাভালত মেমুটীক সম্পূৰ্ণ নতুন অৱতাৰত দেখা যাব, যিটো দৰ্শকে আগতে কেতিয়াও দেখা নাছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ
