নিতেশ তিৱাৰীৰ বহু প্ৰত্যাশিত ছবি ‘ৰামায়ণ’ক লৈ দৰ্শকৰ মাজত প্ৰচণ্ড উত্তেজনা। ছবিখনত ৰণবীৰ কাপুৰে ভগৱান শ্ৰীৰামৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে মাতা সীতাৰ চৰিত্ৰত দেখা যাব ছাই পল্লৱী। শেহতীয়াকৈ ছবিখনৰ চেটৰ পৰা কিছু ছবি ওলাইছে, যাৰ ফলত অনুৰাগীৰ কৌতুহল আৰু অধিক বৃদ্ধি পাইছে। ছবিখনৰ ষ্টাৰকাষ্টৰ কথাও প্ৰকাশ পাইছে। হনুমানৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব ছানী দেওলে।
শেহতীয়াকৈ এটা সাক্ষাৎকাৰৰ সময়ত ছানী দেউলে এই ভূমিকা সম্পৰ্কে মন্তব্য কৰিছিল। সাক্ষাৎকাৰটোত তেওঁ কয়, হয়, মই এই চৰিত্ৰটোত অভিনয় কৰিছো। ই ৰোমাঞ্চকৰ আৰু মজাৰ হ’ব। মই ছবিখনৰ শ্বুটিং অতি সোনকালে আৰম্ভ কৰিম। ‘ৰামায়ণ’ৰ শ্বুটিং কৰিবলৈ মই অলপ নাৰ্ভাছ হৈছো। মই ভয় খাইছো, যিটো মই সদায় অনুভৱ কৰো। এইটোৱেই ইয়াৰ সৌন্দৰ্য্য, কাৰণ ইয়াৰ বাবে নিজকে প্ৰস্তুত কৰিব লাগিব।
ছানী দেউলে কয়, মেকাৰসকলে এক ডাঙৰ কাম কৰিছে। কাৰণ, তেওঁলোকে পৰ্দাত কিবা এটা অতিপ্ৰাকৃতিক দেখুৱাবলৈ প্ৰস্তুতি চলাইছে। আশাকৰোঁ এই ছবিখন হলিউডতকৈ কম নহ’ব। ‘ৰামায়ণ’ত বহু প্ৰজেক্ট নিৰ্মাণ কৰা হৈছে, কিন্তু মই নিশ্চিত যে আমি ইয়াৰ সৈতে সম্পূৰ্ণ ন্যায় কৰিবলৈ চেষ্টা কৰিম আৰু দৰ্শকেও ছবিখন ভাল পাব।
নিতেশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ বাজেট হৈছে ৮৩৫ কোটি টকা। ছবিখন দুটা ভাগত নিৰ্মাণ কৰা হ’ব। ২০২৬ চনত মুক্তি লাভ কৰিব ছবিখনৰ প্ৰথম খণ্ড।ৰনবীৰ কাপুৰ, সাই পল্লৱী, ছানী দেওল, যশ, লাৰা দত্ত, আদিনাথ কোথাৰেক ‘ৰামায়ণ’ত দেখা যাব।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
