লিডছ, ২৪ জুন (হি.স.)। ইংলেণ্ডৰ ফাষ্ট বলাৰ জোছ টংগুৱে কয় যে তেওঁৰ দলটোৱে ভাৰতৰ বিৰুদ্ধে লিডছ টেষ্টৰ অন্তিম দিনা জয়ৰ উদ্দেশ্যেৰে খেলপথাৰত নামিব। ভাৰতে দিয়া ৩৭১ ৰানৰ বিশাল লক্ষ্যৰ পিছত খেদি খেদি ইংলেণ্ডৰ উদ্বোধনী যুটিয়ে চতুৰ্থ দিনৰ খেলৰ শেষলৈকে ছয় অভাৰত এটাও উইকেট নেহেৰুৱাকৈ ২১ ৰান সংগ্ৰহ কৰিছিল।
ইংলেণ্ডে অধিনায়ক বেন ষ্ট’কছৰ নেতৃত্বত যোৱা ৩৬খন টেষ্টত মাত্ৰ এটা ড্ৰ’ খেলিছে – ২০২৩ চনৰ এছেছ শৃংখলাৰ মানচেষ্টাৰ টেষ্ট, যিটো বৰষুণৰ বাবে বন্ধ হৈ পৰিছিল। বতৰৰ ফলত লিডছ টেষ্টৰ অন্তিম দিনতো প্ৰভাৱ পৰিব পাৰে যদিও টংগুৱে নিশ্চিত যে যদিহে গোটেই দিনটো খেলখন অনুষ্ঠিত হয় তেন্তে ইংলেণ্ডে জয়ী হ’বলৈ সকলো প্ৰচেষ্টা চলাব।
ভাৰতৰ দ্বিতীয় ইনিংছত একক অভাৰত তিনিটা উইকেট দখল কৰা টংগুৱে সোমবাৰে মেচৰ পিছৰ সংবাদমেলত কয় যে, আমি মাত্ৰ জয়ৰ বাবে যাম, বাৰ্তাটো অতি স্পষ্ট – যিমান পাৰি ইতিবাচক ক্ৰিকেট খেলা। হয়, তেওঁলোকে (ভাৰতীয় বলাৰ) পঞ্চম দিনটোত ভাল বলিং কৰিব, কিন্তু আমি কিছু সময়ৰ বাবে হেঁচা সহ্য কৰিব লাগিব আৰু তাৰ পিছত হিট বেক কৰিব লাগিব। মই নাভাবো যে আমি এই লক্ষ্যত উপনীত হ’ব নোৱাৰো।
কে এল ৰাহুলক টংগৰ এই বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ কোৱাত ভাৰতীয় বেটছমেনগৰাকীয়ে লগতে কয় যে লিডছ টেষ্টৰ পঞ্চম দিনা ফলাফল নিশ্চিত।
ৰাহুলে কয় যে খেলপথাৰত ফলাফল নিশ্চিত। ইংলেণ্ডে নিজৰ উদ্দেশ্য স্পষ্টভাৱে প্ৰকাশ কৰিছে, আৰু তেওঁলোকৰ খেলৰ শৈলীয়েও এই কথা প্ৰতিফলিত কৰিছে। ইয়াৰ দ্বাৰা আমাৰ ১০টা উইকেট লোৱাৰ সুযোগো পোৱা যাব। আমি জানো যে পঞ্চম দিনত তেওঁলোকে কেনেকৈ বেটিং কৰিব। এই টেষ্টত ১৩৭ ৰান সংগ্ৰহ কৰা ৰাহুলে কয় যে খেলপথাৰখনত অসমান বাউন্স আছে আৰু শেষৰ দিনটোত ই আৰু অধিক বিধ্বস্ত হ’ব পাৰে।
তেওঁ কয়, মই বহু সময় বেটিং কৰিছিলো কিন্তু কোনো এটা সময়তে মই অনুভৱ কৰা নাছিলো যে মই সম্পূৰ্ণৰূপে ছেট হৈছো। উইকেট বহুত ভাঙি গৈছে আৰু কাইলৈ ই অধিক ভাঙি যাব। আমি তেওঁলোকৰ শৈলীৰ কথা মনত ৰাখি আমাৰ বলিঙৰ পৰিকল্পনা কৰিম।
একে সময়তে ৰাহুলে একেৰাহে দ্বিতীয় ইনিংছত দলটোৰ লোয়াৰ অৰ্ডাৰৰ বেটিং বিফলতাক ৰক্ষা কৰে। প্ৰথম ইনিংছত ৪১ ৰানত ৭ উইকেট আৰু দ্বিতীয় ইনিংছত ৩১ ৰানত ৬ উইকেট হেৰুৱাই ভাৰতে।
তেওঁ কয়, ‘আমি বিবেচনা কৰিছিলোঁ যে কিমান ৰান নিৰাপদ হ’ব, বা আজি তেওঁলোকক কেইটামান অভাৰ দি এটা বা দুটা উইকেট ল’ব পাৰি নেকি, কিন্তু আমি যি পৰিস্থিতিত আছিলো, তাৰ পৰা আমি কমেও ৪০-৫০ ৰান বেছিকৈ লাভ কৰিব লাগিছিল।’
তেওঁ কয়, মই নিম্ন অৰ্ডাৰক পৃথক বুলি নাভাবো, তেওঁলোক আমাৰ দলৰ অংশ আৰু যৎপৰোনাস্তি চেষ্টা কৰি আছে। হয়, দুয়োটা ইনিংছতে আৰম্ভণিতে আউট হোৱা বেটছমেনসকলে নিজৰ ওপৰত আটাইতকৈ বেছি খং কৰিব। সকলোৱে নেটত কঠোৰ পৰিশ্ৰম কৰি আছে, কিন্তু কেতিয়াবা খেলপথাৰত এনেকুৱা নহয়।
ৰাহুলে লগতে কয় যে শৃংখলাৰ পূর্বে দলটোৰ মূল লক্ষ্য আছিল প্রতিটো ইনিংছত ৩৫০-৪০০ ৰান সংগ্ৰহ কৰা আৰু সেই দিশত দলটোৱে ভাল প্রদর্শন কৰিছে৷
তেওঁ কয়, আমি দুয়োটা ইনিংছতে প্ৰায় ৩৫০ ৰান কৰিছো, সেয়াই ইতিবাচক কথা। যদি আৰু কিছুমান বেটছমেনে ফৰ্মত আহে, তেন্তে এই ৩৫০ ৰান সহজেই ৪৫০ বা ৫০০ লৈ যাব পাৰে, যিটো যিকোনো বেটিং অৰ্ডাৰৰ বাবে আদৰ্শ লক্ষ্য।
বৰ্তমান ভাৰতে খেলখনত আগবাঢ়ি আছে যদিও শেষৰ দিনটোত খেলখন দ্ৰুতগতিত আগবাঢ়িব বুলি আশা কৰা হৈছে – ফলাফল নিশ্চিত, কিন্তু ই কাৰ পক্ষত যাব সেয়া চাবলৈ আগ্ৰহী হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
