বৰুণ ধাৱন আৰু জাহ্নৱী কাপুৰৰ ছবি ছানি সংস্কৰী কি তুলসী কুমাৰী বক্স অফিচত অব্যাহত আছে সংগ্ৰাম। শশাংক খৈতনৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখন অহা ২ অক্টোবৰত ছবিগৃহত মুক্তি লাভ কৰে। আশ্চৰ্যজনকভাৱে মাত্ৰ এসপ্তাহতে ছবিখনৰ ব্যৱসায়ত ব্যাপক অৱনতি ঘটিছে। প্ৰায় ₹৮০ কোটি বাজেটত নিৰ্মিত এই ছবিখনে এতিয়াও খৰচ আদায় কৰিব পৰা নাই। ছনি সংস্কৰী কি তুলসী কুমাৰীৰ সপ্তম দিনৰ উপাৰ্জনৰ প্ৰতিবেদন প্ৰকাশ।
সৈনিল্কৰ প্ৰতিবেদন অনুসৰি ছনি সংস্কৰী কি তুলসী কুমাৰী মুক্তিৰ সপ্তম দিনটোত ২.২৫ কোটি টকা উপাৰ্জন কৰে। ইয়াৰ পূৰ্বে ষষ্ঠ দিনত ৩.২৫ কোটি, পঞ্চম দিনা ৩.২৫ কোটি, চতুৰ্থ দিনত ৭.৭৫ কোটি, তৃতীয় দিনা ৭.৫ কোটি, দ্বিতীয় দিনা ৫.৫ কোটি, আৰু প্ৰথম দিনা ৯.২৫ কোটি টকা উপাৰ্জন কৰিছিল। ফলস্বৰূপে ছবিখনৰ বক্স অফিচত মুঠ সংগ্ৰহ ₹৩৮.৭৫ কোটি হৈছেগৈ। অৱশ্যে ছনি সংস্কৰী কি তুলসী কুমাৰীৰ বাজেট ₹৮০ কোটি বুলি জানিব পৰা গৈছে। ছবিখনে নিজৰ বাজেট আদায় কৰিবলৈ এতিয়াও অধিক কষ্ট কৰিব লাগিব।
কৰণ জোহৰৰ ধৰ্ম প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ছবিখনত বৰুণ আৰু জাহ্নৱীয়ে সন্যা মালহোত্ৰা, ৰোহিত ছাৰাফ, আৰু মনীষ পলৰ সৈতে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনৰ কাহিনী প্ৰেম আৰু বিশ্বাসঘাটকতাৰ আশে-পাশে ঘূৰি আছে, কমেডীৰ প্ৰবল ড’জৰ সৈতে। ছবিখনৰ গীতসমূহেও ব্যাপক প্ৰশংসা লাভ কৰিছে, বিশেষকৈ খেছাৰী লাল যাদৱৰ পাণৱাড়ী আৰু ছ’চিয়েল মিডিয়াত যথেষ্ট জনপ্ৰিয় হৈ পৰা সোনু নিগমৰ বিজুৰীয়া গীত।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
