অনুৰাগীৰ মাজত ‘মোষ্ট এলিজিবল বেচেলৰ’ হিচাপে পৰিচিত ছলমান খানৰ বিবাহ কেতিয়া হ’ব সেয়া এক বিশ্বজুৰি এক প্ৰশ্ন হৈ পৰিছে। ২৭ ডিছেম্বৰত ছলমানৰ জন্মদিন। ছলমান খানৰ ঘৰৰ বাহিৰত অনুৰাগীৰ ভিৰ দেখা যায়। ইফালে ছলমানে নিজৰ বেলকনিত উপস্থিত হৈ অনুৰাগীৰ শুভেচ্ছা গ্ৰহণ কৰিলে।
চলচ্চিত্ৰ অভিনেতা ছলমান খানৰ বয়স হৈছে ৫৮ বছৰ। ছচিয়েল মিডিয়াৰ জৰিয়তে বহু শিল্পীয়ে ভাইজানক শুভেচ্ছা জনোৱা দেখা যায়। ছলমান খানক লগ কৰিবলৈ ঘৰৰ বাহিৰত এক বিশাল অনুৰাগীৰ ভিৰ। ছলমান খানৰ ঘৰৰ বাহিৰৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। এই ভিডিঅ’টোত অনুৰাগীসকলে ছলমানক অভিনন্দন জনোৱাৰ বাবে ভিৰৰ মাজত উৎসাহিত হৈ পৰা দেখা গৈছে। বান্দ্ৰাৰ গেলাক্সি এপাৰ্টমেণ্টত থাকে ছলমান। প্ৰতি বছৰৰ দৰে জন্মদিনত ছলমান আহিছিল অনুৰাগীৰ পৰা আশীৰ্বাদ বিচাৰি। ছলমানে বেলকনি পোৱাৰ লগে লগে অনুৰাগীসকলে আনন্দত জপিয়াই পৰিল। সম্প্ৰতি ছলমানৰ ঘৰৰ বাহিৰত অনুৰাগীৰ ভিৰৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। ছলমান খানে বলীউডত কেৰিয়াৰ আৰম্ভ কৰাৰ ৩০ বছৰতকৈও অধিক হ’ল। অৱশ্যে আজিও লাখ লাখ মানুহ তেওঁৰ ষ্টাইলক লৈ উন্মাদ হৈ পৰিছে। বৰ্তমান তেওঁক বিগ বছ ১৭ৰ আতিথ্য প্ৰদান কৰা দেখা গৈছে।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ/অৰবিন্দ
