দৰং, ২৬ জানুৱাৰী : অসমৰ লোককৃষ্টিৰ জগতলৈ সুখবৰ। ছিপাঝাৰৰ লোকশিল্পী গুৰু দ্ৰোণ ভূঞালৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। ছিপাঝাৰৰ লোকশিল্পী গুৰু দ্ৰোণ ভূঞালৈ পদ্মশ্ৰী সন্মান আঘবঢ়াইছে ভাৰত চৰকাৰে।
দৰঙৰ লোককৃষ্টি সুকনানি ওজাপালি আৰু দেওধনী নৃত্যৰ আজন্ম সাধক ৬৯ বৰ্ষীয় গুৰু দ্ৰোণ ভূঞাই এসপ্তাহ পুৰ্বে লাভ কৰিছিল অসম গৌৰৱ বঁটা। পূৰ্বে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰা গুৰু দ্ৰোণ ভূঞাই পদ্মশ্ৰী বঁটা লাভ কৰা খবৰত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ দৰং।
