কোকৰাঝাৰ, । অহা ১২ আৰু ১৩ এপ্ৰিলত কোকৰাঝাৰত অনুষ্ঠিত হব ১১ সংখ্যক বাউখুংগ্ৰী উৎসৱ । কোকৰাঝাৰ চহৰৰ পৰা দহ কিলোমিটাৰ নিলগত অৱস্থিত হৰিনাগুৰীত অইন বছৰৰ দৰেই এইবেলিও উদযাপন কৰা হ’ব ১১ সংখ্যক বাউখুংগ্ৰী উৎসৱ । এই উপলক্ষে চলিছে ব্যাপক প্ৰস্তুতি।
অহা ১২ আৰু ১৩ এপ্ৰিলত দুদিনৰ বাবে উদযাপিত উৎসৱত কাৰ্যসূচী হিচাপে থাকিব পুৰুষ আৰু মহিলাৰ বাবে বাউখুংগ্ৰী পাহাৰ বগোৱা প্ৰতিযোগিতা । যি প্ৰতিযোগিতাত ৰাজ্য আৰু বহি ৰাজ্য পৰাও অংশগ্ৰহণ কৰিব। বহাগৰ সংক্ৰান্তিৰ দিনা সমূহীয়া বাওঁখুংগ্ৰী পাহাৰ বগোৱাটো বড়ো সকলৰ এটা পৰম্পৰাগত উৎসৱ ৷ প্ৰতি বছৰে বৈশাগু অৰ্থাৎ বহাগ অথবা ৰঙালী বিহুৰ সময়ত এই উৎসৱৰ আয়োজন কৰা হয় ৷
বিটিআৰ প্ৰশাসনৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে উদযাপিত বাওঁখুংগ্ৰী উৎসৱত সংক্ৰান্তী দিনা পৰম্পৰাগত সমূহীয়া পাহাৰ বগোৱা উৎসৱ উপলক্ষে লোকে – লোকাৰণ্য হৈ পৰিব সমগ্ৰ বাওঁখুংগ্ৰী পাহাৰ ৷ সমান্তৰালভাৱে বৈশাগু নৃত্য – গীতেৰে বাওঁখুংগ্ৰী পাহাৰৰ চৌদিশ মুখৰিত হৈ পৰিব ৷
উৎসৱত বড়ো সকলৰ থলুৱা খেল কমলাইনাই (মল্ল যুজঁ) লগতে বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰা হ’ব। এই উৎসৱত বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত কলা – কৃষ্টিৰ উপৰিও অন্যান্য জনগোষ্ঠী যেনে ৰাভা, কোচ – ৰাজবংশী, গাৰো, নেপালী, আদিবাসী আদি লোক সকলৰ বিভিন্ন জনগোষ্ঠীৰ নৃত্য – গীতৰ লগতে বিহু নৃত্যৰো আয়োজন কৰা হ’ব ৷
