পৰেশ ৰাৱাল, অক্ষয় কুমাৰ আৰু সুনীল শেট্টীৰ ছুপাৰহিট ছবি ‘হেৰা ফেৰী’ আজিও দৰ্শকৰ হৃদয়ত শাসন কৰে। ইয়াৰ ছিকুৱেল ‘ফিৰ হেৰা ফেৰী’ও বিপুল হিট হোৱাৰ লগতে পৰেশ ৰাৱালে বাবুভাইৰ চৰিত্ৰত অপৰিসীম জনপ্ৰিয়তা লাভ কৰে। শেহতীয়াকৈ ‘হেৰা ফেৰী-৩’ক লৈ বহু চৰ্চা হৈছিল যদিও পৰেশ ৰাৱালে ছবিখনৰ পৰা আঁতৰি যোৱাৰ খবৰ ওলোৱাত অনুৰাগীসকল স্তম্ভিত হৈ পৰে। আনকি অক্ষয় কুমাৰে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থাও লৈছিল। অৱশ্যে এতিয়া অনুৰাগীৰ বাবে সকাহৰ খবৰ। পৰেশ ৰাৱালে নিজেই নিশ্চিত কৰিছে যে তেওঁ ‘হেৰা ফেৰী-৩’ৰ অংশ আৰু ছবিখনত বাবুভাইৰ চৰিত্ৰত অভিনয় কৰিবলৈ সাজু হৈছে। তেওঁৰ এই প্ৰত্যাৱৰ্তনে পুনৰবাৰ অনুৰাগীৰ মাজত উৎসাহৰ সৃষ্টি কৰিছে আৰু সকলোৱে এতিয়া আগ্ৰহেৰে ছবিখনৰ বাবে অপেক্ষা কৰি আছে।
‘হেৰা ফেৰী-৩’ক লৈ কি বিতৰ্ক?
এই প্ৰশ্নক লৈ পৰেশ ৰাৱালে কয়, হেৰা ফেৰীৰ দৰে ছবি বাৰে বাৰে নিৰ্মাণ নহয়। এনে যাদু প্ৰতিবাৰেই পুনৰাবৃত্তি কৰিব নোৱাৰি। যদি এনেকুৱা হ’বলৈ আৰম্ভ কৰে তেন্তে কথাবোৰ একে দেখাবলৈ আৰম্ভ কৰিব আৰু সৃষ্টিশীলতাৰ অন্ত পৰিব। তেওঁ আৰু কয়, কোনো বিতৰ্ক নাই। মই মাত্ৰ বিশ্বাস কৰোঁ যে যেতিয়া মানুহে কিবা এটাৰ প্ৰতি ইমান আকৃষ্ট হৈ পৰে আৰু ইয়াক ইমান মৰম দিয়ে, তেতিয়া আমিও ইয়াৰ প্ৰতি একে দায়িত্ব দেখুৱাব লাগে। যদি দৰ্শকে আপোনাক ইমান ভাল পায়, তেন্তে আপুনি তেওঁলোকক সহজভাৱে লোৱা উচিত নহয়। কঠোৰ পৰিশ্ৰম কৰি তেওঁলোকক এটা উন্নত অভিজ্ঞতা দিয়া উচিত। সকলোৱে দলীয় কামৰ সৈতে কাম কৰিব লাগে, নিষ্ঠাৰে। এইটো মোৰ বাৰ্তা।
তেওঁ ক’লে, এতিয়া সকলো ঠিকেই আছে। ছবিখন নিশ্চয় আহি আছে, আগতেই আহিব লাগিছিল। আমি মাত্ৰ ইজনে সিজনৰ লগত সমন্বয় স্থাপন কৰিব লাগিব। সকলোৱে সৃষ্টিশীল। প্ৰিয়দৰ্শন, অক্ষয়, সুনীল আটাইকেইজন মোৰ বহু বছৰৰ বন্ধু।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
