
নগাঁও, ২১ জুলাই (হি.স.): সমগ্ৰ ৰাজ্য জোকাৰী যোৱা ধিং ধৰ্ষণ কাণ্ডৰ মাস্তাৰ মাইণ্ড পলাতক আতাবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰা হৈছে। মৈৰাবাৰী আৰক্ষীৰ পৰিদৰ্শক পংকজ দাসৰ নেতৃত্বত এটি আৰক্ষী দলে যোৱাকালি দেওবাৰে নিশা মৈৰাবাৰীৰ শগুনবাহী গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
লম্পট আতাবুৰৰ বিৰুদ্ধে ধিঙ আৰক্ষী থানাত ১৬২/২০২৪ নম্বৰ এটি গোচৰ পঞ্জীয়ন হৈ আছিল। ইমান দিনে আতাবুৰ বিভিন্ন ঠাইত পলাই আছিল। ইফালে নগাঁও আদালতে আতাবুৰৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা অৰ্থাৎ ননবেলেবুল ৱাৰেন্ট জাৰি কৰিছিল। মৈৰাবাৰীৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
