নগাঁও, নগাঁৱৰ ৰূপহীহাটৰ পূব শিঙিমাৰীত পাৰিবাৰিক কন্দলৰ ভয়ঙ্কৰ পৰিণতি দেখিবলৈ পোৱা গৈছে । এই ঘটনাৰ বাবেই সম্পৰ্কীয় ভাতৃৰ চুৰিকাঘাত পেট ফালিলে এজনৰ।
সম্পৰ্কীয় ভাতৃ শ্বাৰজাহান বাদশাৰ ঘাপত গুৰুতৰ ভাৱে আহত হয় ৰেকিবুল ইছলাম নামৰ যুৱকজন। উল্লেখ্য় যে কেইদিন পূৰ্বে মাটিবাৰী সংক্ৰান্তত হৈছিল তৰ্কবিতৰ্ক। নিশাৰ ভাগত ৰেকিবুল ইছলামক অকলশৰীয়াকৈ পাই চুৰিকাঘাত কৰাৰ অভিযোগ উঠিছে শ্বাৰজাহান বাদশাৰ বিৰুদ্ধে।
ইফালে আঘাতপ্ৰাপ্ত ৰেকিবুল ইছলামক ততাতৈয়াকৈ নগাঁও মেডিকেল কলেজত ভৰ্তি কৰোৱাই যদিও মুমূৰ্ষ অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।
