ডিব্ৰুগড় : ডিব্ৰুগড়ৰ নাহৰকটীয়াত ধন দাবীৰ গোচৰত হৈছে গ্ৰেপ্তাৰ তিনি ভণ্ড সাংবাদিক। শুক্ৰবাৰে নিশা নাহৰকটীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এক ব্যক্তিগত চেটেলাইট চেনেল আৰু পৰ্টেলৰ তিনি সাংবাদিক ক্ৰমে উপেন দাস, পৱন গগৈ ওৰফে পৱন তিনিকুৰীয়া আৰু সুব্ৰত লোধক।
অনুসূচিত জাতিৰ নামত ভুৱা নথি পত্ৰৰে অইলৰ মেকানিকেল বিভাগত চাকৰি কৰি থকাৰ অভিযোগ উত্থাপন কৰি নাহৰকটীয়া বালিঘাটৰ জয় কুমাৰ দাস এগৰাকী ব্যক্তিক আনন্দ হোটেল নামৰ এক ল’জৰ কোঠাত আৱদ্ধ কৰি ভয় ভাবুকিৰে ব্লেইকমেইল কৰি ৪,৫০,০০০/(চাৰি লাখ পঞ্চাশ হেজাৰ) টকা আদায় কৰিছিল উপেন দাস, পৱন গগৈ আৰু সুব্ৰত লোধ নামৰ এই তিনি সাংবাদিকে। প্ৰথম কিস্তিত গুগল পে’ৰ জৰিয়তে আদায় কৰিছিল ১ লাখ টকা আৰু নগদ ৫০ হাজাৰ টকা । দ্বিতীয় কিস্তি হিচাপে ভুক্তভোগীৰ দুলীয়াজান কানাৰা বেংকৰ একাউণ্টৰ পৰা সংগ্ৰহ কৰিছিল ৩ লাখ টকা। ইফালে ভুক্তভোগী জয় কুমাৰ দাসৰ পত্নীৰ এজহাৰৰ ভিত্তিত জামিনবিহীন গোচৰত গ্ৰেপ্তাৰ হয় তিনি ব্লেইকমেইলাৰ সাংবাদিক।
