কামৰূপ, ২৫ অক্টোবৰ (হি স)। উত্তৰ গুৱাহাটী ঘোৰামাৰাত চুৰিৰ ঘটনা সংঘটিত হৈছে। ফেকাল্টি হায়াৰ চেকেণ্ডাৰী স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক দিলীপ সৰকাৰৰ ঘৰত চোৰৰ দলে লুটপাত চলায় ।
জানিব পৰামতে, খিৰিকীৰ গ্ৰীল ভাঙি ঘৰত প্ৰৱেশ কৰিছিল চোৰ । চোৰে লুটি নিলে নগদ ধন আৰু সোণৰ আ-অলংকাৰ । শাৰদীয় দুৰ্গোৎসৱত পৰিয়াল সহ কোচবিহাৰত থকা আত্মীয়ৰ ঘৰলৈ গৈছিল শিক্ষক জন । ঘৰলৈ ঘূৰি আহি হতভম্ব হৈ পৰে পৰিয়ালটো । ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ অভিযান চলে । ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
