দোহা। বর্তমানৰ অলিম্পিক তথা বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাই ইয়াত ডোহা ডাইমণ্ড লীগ ২০২৪ত ৮৮.৩৬ মিটাৰ শ্ৰেষ্ঠ প্রচেষ্টাৰে দ্বিতীয় স্থান দখল কৰে ৷ প্ৰথম স্থানত থকা চেক গণৰাজ্যৰ জাকুব ভাডলেজৰ ৮৮.৩৮ মিটাৰ দুৰত্বৰ পৰা মাত্ৰ ২ চেণ্টিমিটাৰ পিছ পৰি ৰয় নীৰজ।
শুকুৰবাৰে কাটাৰ স্প’ৰ্টছ ক্লাবত অনুষ্ঠিত খেলখনত গ্ৰেনাডাৰ দুবাৰৰ বিশ্ব চেম্পিয়ন এণ্ডাৰছন পিটাৰ্ছে ৮৬.৬২ মিটাৰ শ্ৰেষ্ঠ থ্ৰ’ৰে তৃতীয় স্থান দখল কৰে।
এছিয়ান গেমছৰ ৰূপৰ পদক বিজয়ী কিশোৰ জেনাই ৭৬.৩১ মিটাৰৰ সৈতে নৱম স্থান দখল কৰে।
২৬ বছৰীয়া নীৰজৰ সৰ্বোত্তম প্ৰচেষ্টা তেওঁৰ ষষ্ঠ আৰু শেষ থ্ৰ’ত হয় য’ত তেওঁ ৮৮.৩৬ মিটাৰ নিক্ষেপ কৰি প্ৰথম স্থানৰ পৰা সংকীৰ্ণ ব্যৱধানত হেৰুৱাই পেলায়।
ভাৰতীয় ৰাষ্ট্ৰীয় অভিলেখধাৰীগৰাকীয়ে প্ৰথম প্ৰচেষ্টাত ফাউলৰ জৰিয়তে আৰম্ভণি কৰিছিল যদিও প্ৰতিযোগিতা আগবাঢ়ি যোৱাৰ লগে লগে ক্ৰমান্বয়ে নিজৰ স্ক’ৰ উন্নত কৰিছিল।
চোপ্ৰাৰ দ্বিতীয়টো থ্ৰ’ ৮৪.৯৩ মিটাৰ দূৰত্বলৈ যায়। তেওঁ তৃতীয়টো থ্ৰ’ৰ ৰেকৰ্ড কৰে ৮৬.২৪ মিটাৰ। ২০২২ চনৰ ডাইমণ্ড লীগ চেম্পিয়নগৰাকীয়ে অৱশেষত ষষ্ঠ প্ৰচেষ্টাত ৮৮.৩৬ মিটাৰ সৰ্বোত্তম থ্ৰ’ অৰ্জন কৰে।
ডোহাত প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছত নীৰজ চোপ্ৰাই ১২ মে’ৰ পৰা ১৫ মে’লৈ ওড়িশাৰ ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ২৭ সংখ্যক নেশ্যনেল ফেডাৰেচন কাপ এথলেটিকছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব।
