নতুন দিল্লী। ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ জ্যেষ্ঠ নেতা কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি দুখন ৰাজ্যৰ নিৰ্বাচনী ভ্ৰমণলৈ যাব। এই ৰাজ্যসমূহ হ’ল তেলেংগানা আৰু উত্তৰ প্ৰদেশ। তেওঁ উত্তৰ প্ৰদেশৰ বাৰাণসীত সন্ধিয়া গংগা আৰতিত অংশগ্ৰহণ কৰিব। বিজেপিয়ে নিজৰ এক্স হেণ্ডেলত জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজিৰ নিৰ্বাচনী ভ্ৰমণৰ কাৰ্যসূচী শ্বেয়াৰ কৰিছে। এই সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোডীৰ ৪০০ অতিক্ৰম কৰাৰ লক্ষ্য পূৰণৰ বাবে তীব্ৰ প্ৰচাৰ চলাই দিনে নিশাই কাম কৰি আছে শ্বাহে।
বিজেপিৰ এক্স হেণ্ডেলৰ মতে আজি তেলেংগানাত প্ৰথমে শ্বাহে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব। তেলেংগানাত প্ৰথমখন ৰাজহুৱা সভা পুৱা ১০:৩০ বজাত আৰু দ্বিতীয়খন দিনৰ ১২:৩০ বজাত অনুষ্ঠিত হ’ব। ইয়াৰ পিছত তেওঁ হায়দৰাবাদত দুপৰীয়া ২.৩০ বজাত এখন সংবাদমেল সম্বোধন কৰিব। এই সংবাদমেলখনৰ ওপৰত সংবাদ মাধ্যমৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে। ধাৰণা কৰা হয় যে শ্বাহে দেশৰ আগত ডাঙৰ কিবা এটা দাঙি ধৰিব পাৰে। বিজেপিৰ তথ্য অনুসৰি সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সংসদীয় সমষ্টি বাৰাণসীত উপস্থিত থাকিব শ্বাহ। বাৰাণসীৰ দশশ্বমেধঘাটত সন্ধিয়া ৬ বজাত গংগা আৰতি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব শ্বাহে।
