ধুবুৰী: ধুবুৰী জিলাৰ বিলাসীপাৰাত সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্য়াহত আছে। শেহতীয়াকৈ যোৱাকালি চলোৱা অভিযানত গোপীগাওঁ নাথপাৰা গাঁৱৰ পৰা সুদখোৰক আটক কৰা হৈছে। আটকাধীন সুদখোৰ জনৰ নাম লংকেশ্বৰ নাথ বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে লংকেশ্বৰ নাথ দীৰ্ঘ দিনৰ পৰাই সুদৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল। সুতখোৰ লংকেশ্বৰ নাথ পৰা দুখন বাহন জব্দ কৰে।সুদখোৰ জনক বিলাসীপাৰা আৰক্ষীৰ তদন্ত অব্যাহত ৰাখি বিলাসীপাৰা মহকুমা আদালতলৈ প্ৰেৰণ কৰে।
