ধুবুৰী, ১৩ ডিছেম্বৰ (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জৰ ছাগলীয়াত কালি নিশা নকল সোণ সহ পাঁচ জন সৰবৰাহ কাৰীক আটক কৰা হৈছে। ছাগলীয়া আৰক্ষীয়ে তালাচী চলাই প্ৰায় ১ কেজি ওজনৰ নকল সোণ সহ পাঁচ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।
ধৃত সৰবৰাহ কাৰী সকল হৈছে আলমগঞ্জৰ আৰু ৰঙামাটিৰ জামিৰউদ্দিন যোদ্ধাৰ, ছাইদুল ইছলাম, সোহিদুৰ ইছলাম, মানিক আলী আৰু সাহিদুৰ পাৰমানিক বুলি জানিব পৰা গৈছে। ধুবুৰীৰ পৰা পশ্চিম বংগলৈ যোৱাৰ পথত ছাগলীয়া আৰক্ষীৰ গোপন অভিযানৰ ভিত্তিত তালাচি চলাই আটক কৰিবলৈ সক্ষম হয় । পাঁচ সৰবৰাহ কাৰী সকলৰ পৰা ৫ টাকৈ মোবাইল ফোন সহ এখন চাৰিচকীয়া বাহন জব্দ কৰে । বাহন খনৰ নম্বৰ এএছ ০১ ডিকে ৮৫৯৪ বুলি জানিব পৰা গৈছে । ইতিমধ্যে অধিক তথ্যৰ বাবে ছাগলীয়া আৰক্ষীয়ে যুৱক কেইজনক আটক কৰি থানলৈ অধিক তথ্যৰ বাবে সোধপোচ অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
