গুৱাহাটী, ২২ নৱেম্বৰ (হি.স.)। গুৱাহাটী ষ্টেচন ৰাজ্যৰ অন্যতম ব্যস্ত ৰে’ল ষ্টেচন। দৈনিক অহা-যোৱা কৰা ৰে’লৰ বৃহৎ সংখ্যকৰ বাবে এই ষ্টেচনত অহৰহ হেঁচা পৰিছে। সমান্তৰাল কামাখ্যা ষ্টেচনৰ পৰাও বহু ৰে’ল অহা-যোৱা কৰাৰ দুৱাৰ হিচাপে কাম কৰে। এই দুটা ষ্টেচনৰ মাজৰ ৰে’লপথটো দীৰ্ঘদিন ধৰি এক ডাঙৰ সমস্যা হৈ আহিছে, যাৰ ফলত যাত্ৰী সেৱা আৰু চহৰৰ যাতায়ত দুয়োটাতে গুৰুতৰ প্ৰভাৱ পৰিছে।
খবৰ অনুসৰি কামাখ্যা ষ্টেচনৰ পৰা গুৱাহাটী অভিমুখে যেতিয়া এখন ৰে’ল আহি পৰে আৰু ইতিমধ্যে প্লেটফৰ্মত এখন ৰে’ল ৰখাই থোৱা হয় তেতিয়া অহা ৰে’লখনে ষ্টেচনৰ বাহিৰৰ চিগনেল পইণ্টত বহু সময় অপেক্ষা কৰিবলগীয়া হয়। একেদৰে গুৱাহাটীৰ পৰা কামাখ্যা অভিমুখে যাত্ৰা কৰা ৰে’লসমূহেও ইতিমধ্যে এখন ৰে’ল প্লেটফৰ্মত থকাৰ সময়ত বাহিৰৰ চিগনেল পইণ্টত বহু সময় অপেক্ষা কৰিবলগীয়া হয়। ইয়াৰ ফলত দুয়োটা ষ্টেচনৰ আশে-পাশে থকা আটাইকেইটা ৰে’লগেটতে ব্যাপক যান-জঁটৰ সৃষ্টি হয়, যাৰ ফলত জনসাধাৰণৰ দৈনিক অসুবিধাৰ সৃষ্টি হয়।
ৰে’লৱেৰ সূত্ৰ অনুসৰি এই সমস্যাৰ সমাধানৰ বাবে গুৱাহাটী আৰু কামাখ্যা দুয়োটা ষ্টেচনতে অতিৰিক্ত প্লেটফৰ্ম নিৰ্মাণৰ পৰিকল্পনা ৰচনা কৰা হৈছে। অৱশ্যে আটাইতকৈ গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্পটো—গুৱাহাটীৰ পৰা কামাখ্যালৈ অতিৰিক্ত ৰে’লপথ স্থাপন কৰা—এতিয়াও আৰম্ভ হোৱা নাই। কাৰণ হ’ল ৰে’লপথৰ কাষৰ বৃহৎ পৰিমাণৰ ৰে’লপথৰ মাটি বহুদিনৰ পৰা অবৈধভাৱে বেদখল কৰি আহিছে৷
ক্ষতিগ্ৰস্ত যাত্ৰী আৰু স্থানীয় নাগৰিকে দাবী জনাইছে যে এই উন্নয়নমূলক কাম জনহিতৰ বাবে অপৰিহাৰ্য। সেয়ে অসম চৰকাৰৰ সহযোগিতা জৰুৰী হৈ পৰিছে অবৈধ নির্মাণসমূহ আঁতৰোৱাত ৷ তদুপৰি বেদখল আঁতৰোৱাৰ পিছত ৰে’লৱেৰ মাটিৰ চাৰিওফালে সুৰক্ষামূলক দেৱাল নিৰ্মাণ কৰি অধিক বেদখল ৰোধ কৰাতো বাঞ্ছনীয় কাৰণ দ্বিতীয়বাৰলৈ বেদখল কৰি যাতে উন্নয়নমূলক কামত বাধাৰ সৃষ্টি কৰিব নোৱাৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ
