ইছলামাবাদ, ১০ মাৰ্চ : নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি আছিফ আলী জৰ্দাৰীয়ে দেওবাৰে পাকিস্তানৰ চতুৰ্দশ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰিব। সন্ধিয়া ৪ বজাত ৰাষ্ট্ৰপতি ভৱনত শপতগ্ৰহণ অনুষ্ঠানত মুখ্য ন্যায়াধীশ কাজী ফৈজ ইছাই জৰ্দাৰীক শপত গ্ৰহণ কৰোৱাব। যোৱা বছৰ ৫ বছৰীয়া কাৰ্যকাল সমাপ্ত হোৱা বিদায়ী ডাঃ আৰিফ আলভিৰ ঠাইত জাৰ্দাৰীয়ে স্থান লাভ কৰিব।
ইয়াৰ পূৰ্বে শনিবাৰে পাকিস্তান পিপলছ পাৰ্টিৰ অধ্যক্ষ ৬৮ বছৰীয়া আছিফ আলী জৰ্দাৰী ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল। তেওঁ পাকিস্তান মুছলিম লীগ-নৱাজ (পিএমএল-এন)কে ধৰি পাঁচটা দলৰ সমৰ্থন লাভ কৰে। তেওঁ পিপিপি আৰু পিএমএল-এনৰ যুটীয়া প্ৰাৰ্থী আছিল। তেওঁ ২৫৫টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বী চুন্নী ইত্তহাদ কাউন্সিলৰ প্ৰাৰ্থী মাহমুদ খান আচাকজাই (৭৫) ১১৯টা ভোট লাভ কৰে।
জৰ্দাৰী দ্বিতীয়বাৰৰ বাবে পাকিস্তানৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথমজন নেতা। ইয়াৰ পূৰ্বে ২০০৮ চনৰ পৰা ২০১৩ চনলৈকে জাৰ্দাৰী দেশখনৰ ৰাষ্ট্ৰপতি আছিল।
