ইম্ফল, ২৫ ফেব্ৰুৱাৰী : মণিপুৰত বিপুল পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈছে এহাল দম্পতী। আজি আৰক্ষীয়ে জনোৱা মতে, নিৰাপত্তা বাহিনীয়ে ৰফিক কুট্টী (৪৯) আৰু তেওঁৰ পত্নী জিনত (৫২)ক টেংগন’পাল জিলাৰ মৰেহত থকা তেওঁলোকৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ হাতত থকা বিপুল পৰিমাণৰ নিচাযুক্ত দ্ৰব্য আৰু নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰে।
দম্পতীহালৰ পৰা উদ্ধাৰ হোৱা ড্ৰাগছৰ ভিতৰত ডব্লিউআইৱাই টেবলেট – ২৯.৭৯৯ কেজি, হেৰ’ইন পাউদাৰ – ০.৩৮৬ কেজি, আলপ্ৰাজ’লাম – ৭৯৭০ টেবলেট, কেফেইন – ৫.২৬৬ কেজি, ক্রিষ্টাল – ২.৪৭১ কেজি, গোল ডাষ্ট – ৮.২৯৯ কেজি আৰু দহটা ভিন্ন ধৰণৰ ৰবৰ ষ্টাম্প উদ্ধাৰ কৰা হৈছে।
আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰি অধিক তদন্তৰ বাবে মৰেহ থানাত গোচৰ ৰুজু কৰা হৈছে।
